ঢকুৱাখনা সমজিলাৰ ২ নং বান্তৌ গাঁৱৰ মাণিক দাসৰ পুত্ৰ প্ৰভাত দাস (৪৫) নামৰ লোকজনে গাঁৱৰে দুজন ব্যক্তিৰ লগত কেৰালালৈ যোৱাৰ পথত তামিলনাডুত সন্ধানহীন হোৱাত পৰিয়ালটোৰ মাজত শোকাকুল পৰিৱেশ সৃষ্টি হয় ৷
পৰিয়াল সূত্ৰে জানিবলৈ দিয়া মতে, গাঁৱৰে প্ৰশান্ত দাস ( বজৰু ) আৰু হিয়াৰাম দাস (শিৱৰাম)ৰ লগত যোৱা ২৮ ফেব্ৰুৱাৰীত কৰ্মৰ সন্ধানত নিজ ঘৰৰ পৰা ওলাই যোৱা প্ৰভাত দাসে ৩ মাৰ্চত তামিলনাডুৰ আমবুলু থানাৰ অন্তৰ্গত Joelerpattai ৰেলৱে ষ্টেচনত নামে আৰু ৪ মাৰ্চত কোনো অজ্ঞাত লোকৰ ৯৯০৭৫৭৮৫৮৮ নম্বৰৰ পৰা ফোনযোগে পৰিয়ালৰ লগত যোগাযোগ কৰাৰ পিছৰে পৰাই কোনোধৰণে যোগাযোগ ৰক্ষা কৰিব নোৱাৰাত শংকিত হৈ পৰিছে পৰিয়ালটো ৷
আনহাতে, উক্ত নম্বৰটোৰ পৰা পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰা লোকজনে প্ৰভাতক আৰক্ষীক গতাই দিয়া বুলি জানিবলৈ দি ৯০৪২৪৩৫০৫৮ নম্বৰত যোগাযোগ কৰিবলৈ জনায় আৰু উক্ত নম্বৰৰ পৰা প্ৰভাতক অসম অভিমুখী ৰেলত গুৱাহাটীলৈ পঠিয়াই দিয়া বুলি জানিবলৈ দিয়াৰ পিছৰে পৰাই কোনোধৰণৰ যোগাযোগ কৰিব নোৱাৰাত পৰিয়ালৰ লোকে যোৱা ৬ মাৰ্চত ডিব্ৰুগড় ৰেলৱে আৰক্ষী আৰু ঢকুৱাখনা আৰক্ষীক গোচৰ তৰাৰ উপৰি ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেকো ঘটনাৰ বিষয়ে অৱগত কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো সন্ধান লাভ কৰিব নোৱাৰি শোকত ভাগি পৰিছে প্ৰভাতৰ পত্নী আৰু দুই সন্তানৰ লগতে পিতৃ আৰু পৰিয়ালৰ লোকসকল ৷ কোনো লোকে ব্যক্তিজনৰ কিবা সন্ধান পালে স্থানীয় আৰক্ষীক অথবা 6000790075 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷