লিপি আৱিষ্কাৰৰ পূর্বেই আৰম্ভ হৈছিল লিখাৰ চেষ্টা, ৪০ হাজাৰ বছৰ পুৰণি নিদর্শন লাভ
ডিজিটেল ডেস্ক, ৯ মার্চ : লিখা–মেলাৰ প্রয়াস আৰম্ভ হৈছিল আজিৰ পৰা প্রায় ৫,৩০০ বছৰ পূর্বে মেছোপটেমিয়া সভ্যতাত৷ এই প্রয়াস চলিছিল কিউনিফর্ম লিপিত৷ একে সময়তে আৱির্ভাৱ হৈছিল মিছৰৰ হায়াৰ’গ্লিফিক লিপিৰো৷ কিন্তু ইউনিফর্ম লিপিৰ আৱির্ভাৱৰ বহু বছৰ পূর্বৰ পৰাই চলিছিল এই প্রচেষ্টা৷ এনে কিছুমান উদাহৰণ পোৱা গৈছে, যি ৪০ হাজাৰ বছৰৰো অধিক পুৰণি বুলি কোৱা হৈছে৷
সাম্প্রতিক গৱেষণাৰ পৰা জানিব পৰা মতে, কিছুমান নির্দিষ্ট চিহ্ণৰ জৰিয়তে মানুহে মনৰ ভাব প্রকাশ কৰিবলৈ চেষ্টা কৰিছিল৷ সেয়াই আছিল লিখা–মেলাৰ আৰম্ভণি৷ দক্ষিণ–পশ্চিম জার্মানীত প্রায় ২২০ কিলোমিটাৰ এলেকাজুৰি বিয়পি আছে ছাবিয়ান জুৰা পর্বতমালা৷ এই অঞ্চলটোতেই প্রাচীন লিখা–মেলাৰ প্রত্নতাত্ত্বিক নিদর্শন লাভ কৰা গৈছে৷
জার্মানীৰ ছার্লেন বিশ্ববিদ্যালয়ৰ অধ্যাপক ক্রিষ্টিয়ান বেণ্টজ আৰু বার্লিন সংগ্রহালয়ৰ প্রত্নতাত্ত্বিক এভা দূতকিভিৎজে যৌথভাৱে গৱেষণা চলাই এই অঞ্চলত পোৱা ২৬০টা প্রাচীন শিল্পকর্ম বিশ্লেষণ কৰি এই সিদ্ধান্তলৈ আহিছে যে জার্মানীত ৪৫ হজাৰ বছৰ পূর্বেই মানুহে লিখা–মেলাৰ চেষ্টা চলাইছিল৷