নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি বছৰতে তিনি বিশ্ব খিতাপ আঁজুৰিলে টীম ইণ্ডিয়াই

ডিজিটেল ডেস্ক, ৯ মার্চ : বিশ্বকাপ আৰম্ভ হোৱাৰ আগৰ পৰাই ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাৰ এটা বিজ্ঞাপনত কোৱা হৈছিল ‘হিষ্ট্রী ৰিপিট কৰেংগে, হিষ্ট্রী ডিফিট কৰেংগে’৷ এই কথাখিনিৰ মর্ম আছিল আকৌ বিশ্বকাপ জয়ৰ ইতিহাস পুনৰাবৃত্তি কৰাৰ লগতে প্রথম আয়োজক দেশ হিচাপে বিশ্বকাপ জিকি ইতিহাস সলনি কৰা৷

ৰোহিত শর্মাই কোৱাৰ দৰেই টীম ইণ্ডিয়াই কৰি দেখুৱালে সেই কাম৷ ২০১১ চনত এদিনীয়া বিশ্বকাপ জয়ৰ পিছত ১১ বছৰে বিশ্ব খিতাপৰ পৰা বঞ্চিত হৈ থকা ভাৰতে বিগত তিনিটা বিশ্ব খিতাপ জয়েৰে ইতিহাস ৰচনা কৰে৷ ২০২৪ চনত ৰোহিত শর্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাক পৰাস্ত কৰি টি–২০ খিতাপ জয় কৰাৰ পিছত ২০২৫ চনত ডুবাইত নিউজিলেণ্ডক হৰুৱাই চেম্পিয়নছ ট্রফী দখল কৰে৷ এইবাৰ টি–২০ বিশ্বকাপৰ আয়োজক হিচাপে ভাৰতে আৰম্ভণিৰ পৰাই সুন্দৰ প্রদর্শনেৰে ফাইনেলত অৱতীর্ণ হৈ চূড়ান্ত খিতাপ অর্জন কৰে৷

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্রী, বিশ্বকাপজয়ী ভাৰতীয় দলৰ প্রাক্তন ক্রিকেটাৰ মহেন্দ্র সিং ধোনী আৰু ৰোহিত শর্মাকে ধৰি আগশাৰীৰ বহু ক্রিকেটাৰৰ উপস্থিতিত ভাৰতে তৃতীয়বাৰলৈ টি–২০ বিশ্বকাপত জয়ী হয়৷

ভাৰতীয় দলৰ এই সফলতাত সমগ্র দেশতে আনন্দৰ জোৱাৰ উঠিছে৷ ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা আৰম্ভ কৰি দেশৰ উদ্যোগপতিলৈকে ভাৰতীয় দলক শুভেচ্ছাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে৷ ইফালে, সমগ্র দেশৰ কোটি কোটি ভাৰতীয়ই জয়ৰ পিছত ৰাজপথলৈ ওলাই আহি নৃত্য–গীতেৰে আনন্দ–উল্লাস কৰে৷

You might also like