ডিজিটেল ডেস্ক, ৯ মাৰ্চ : দুলীয়াজানৰ ভাদৈ পাঁচআলিত চাঞ্চল্যকৰ লুটপাতৰ ঘটনা সংঘটিত হয়। ঘটনা অনুসৰি নিশা দুলীয়াজানৰ ভাদৈ পাঁচআলিত থকা লোকনাথ জুৱেলাৰীৰ স্বত্বাধিকাৰী সজীৱ ৰক্ষিতে দোকান বন্ধ কৰি ভাদৈ ৪নং চপাতলী অঞ্চলত থকা নিজ গৃহলৈ উভতি অহাৰ পথত ঘৰৰ পৰা কিছু নিলগত পথত ৰৈ থকা ৪ জনীয়া এটা ডকাইতৰ দলে ব্যৱসায়ীজনক প্ৰথমে হেঁচা মাৰি পথত বগৰাই দিয়ে আৰু পিছত ব্যৱসায়ীজনৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে নগদ টকাভৰ্তি বেগ লৈ দলটোৱে পলায়ন কৰে।
ব্যৱসায়ীজনে জনোৱা মতে, বেগটোত নগদ প্ৰায় ৫৫ হাজাৰ টকা আৰু ২০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ আছিল। ঘটনা সংঘটিত হোৱাৰ পাছতেই নিশাই ভাদৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ব্যৱসায়ীজনে। পলায়ন কৰা যুৱককেইজন দুখন বাইকত অহা বুলি জানিবলৈ দিছে ।
ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।