আক্রমণৰ বাবে ক্ষমা বিচাৰি নিজ দেশতে চাপৰ সন্মুখীন ইৰানৰ ৰাষ্ট্রপতি
ডিজিটেল ডেস্ক, ৯ মার্চ : উপসাগৰীয় দেশসমূহত আক্রমণ চলোৱা বাবে শনিবাৰে ক্ষমা বিচাৰিছিল ইৰানৰ ৰাষ্ট্রপতি মাছুদ পেজস্কিয়ানে৷ তেওঁৰ এই বিবৃতিৰ পিছতেই নিজৰ দেশৰ ভিতৰতে চাপৰ সন্মুখীন হ’বলগীয়া হয় ৰাষ্ট্রপতিগৰাকী৷ ফলত, নিজৰ বিবৃতিৰ পৰা ক্ষমা শব্দটো এৰুৱাই পেলাই পিছত এক্স হেণ্ডেলত প’ষ্ট কৰি ৰাষ্ট্রপতিগৰাকীয়ে সাৱধানবাণী শুনায়– ‘ইৰানৰ ওপৰত আক্রমণ হ’লে হাত সাবটি বহি নাথাকিব৷ প্রত্যাঘাত হ’বই৷’ ফলত ৰাষ্ট্রপতিয়ে ক্ষমা বিচৰাৰ পিছতো উপসাগৰীয় দেশসমূহত আক্রমণ অব্যাহত ৰাখিছে ইৰানে৷
উল্লেখ্য যে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে সামৰিক সংঘাতত নামি উপসাগৰীয় দেশসমূহত থকা মার্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি এটাৰ পিছত আনটো আক্রমণ চলাই গৈছে ইৰানে৷ ৰাষ্ট্রপতি পেজস্কিয়ানে উপসাগৰীয় দেশসমূহত আক্রমণ নচলোৱাৰ প্রতিশ্রুতি দিছিল শনিবাৰে৷ কেৱল সেয়াই নহয়, সামৰিক সংঘাতৰ আৰম্ভণিৰ পৰা উপসাগৰীয় দেশসমূহত ইৰানে যি আক্রমণ চলাইছিল, তাৰ বাবে তেওঁ ক্ষমাও বিচাৰিছিল৷ তেওঁ কৈছিল– ‘আমি ব্যক্তিগতভাৱে সেই সকলো প্রতিৱেশী দেশৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যিসকল ইৰানৰ প্রত্যাক্রমণৰ স্বীকাৰ হৈছে৷’ তাৰ লগতে তেওঁ প্রতিৱেশী দেশসমূহক এই কথাও জনায় যে তেওঁলোকে যেন ইৰানৰ বিৰুদ্ধে চলি থকা আক্রমণত আমেৰিকা আৰু ইজৰাইলক সহযোগিতা নকৰে৷
পেজস্কিয়ানে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পকো পোনপটীয়াকৈ সাৱধানবাণী দি কয়– ‘ইৰানে বিনাচর্তে আত্মসমর্পণ কৰিব, সেই সপোন দেখিবলৈ পাহৰি যাওক৷’ প্রতিৱেশী দেশসমূহৰ ওচৰত ক্ষমা বিচৰাৰ পিছতেই ট্রাম্পে দাবী কৰিছিল যে ইৰানে আত্মসমর্পণ কৰিছে৷ তাৰ পিছত ইৰানৰ ৰাষ্ট্রপতিগৰাকীয়ে ওলোটাই সাৱধানবাণী শুনাই কয়– ‘আত্মসমর্পণৰ কোনো প্রশ্ণই নুঠে৷ আঘাত কৰিলে প্রত্যাঘাত হ’বই৷’