ইৰানৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ লক্ষ্য উত্তৰ কোৰিয়া
ডিজিটেল ডেস্ক, ১০ মার্চ : মধ্যপ্রাচ্যৰ ইৰানত আক্রমণৰ পিছত এইবাৰ আমেৰিকাই উত্তৰ কোৰিয়াক লক্ষ্য কৰি লৈছে৷ একনায়কত্ববাদী শাসক কিম জং উনৰ দেশৰ সমীপত যুদ্ধ জাহাজ, হেলিকপ্টাৰ আৰু যুদ্ধ বিমানকে ধৰি হাজাৰৰো অধিক মার্কিন সেনা সমৱেত হৈছে৷ মধ্যপ্রাচ্যৰ ভয়াৱহ যুদ্ধৰ মাজতে মার্কিন সেনাই দক্ষিণ কোৰিয়াত দেশখনৰ সৈতে যুটীয়া সামৰিক অনুশীলন অব্যাহত ৰাখিছে৷ এই কথাই স্বাভাৱিকতে ক্ষুণ্ণ কৰি তুলিব পাৰে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক৷
ইফালে, দক্ষিণ কোৰিয়াই প্রকাশ কৰা মতে আমেৰিকাৰ সৈতে চলোৱা সামৰিক অনুশীলনত দেশখনৰ ১৮ হাজাৰ সৈন্যই অংশগ্রহণ কৰিছে৷ ‘ফ্রীডম শ্বিল্ড’ নামৰ এই সামৰিক অনুশীলন ১৯ মার্চলৈকে চলিব৷ অৱশ্যে এই অনুশীলনত কিমানগৰাকী আমেৰিকাৰ সেনাই অংশগ্রহণ কৰিছে সেই সম্পর্কে কোনো স্পষ্ট তথ্য সদৰী কৰা নাই যদিও হাজাৰৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে৷
ইফালে, সংবাদ সূত্র অনুসৰি এই অনুশীলনৰ উপৰি দক্ষিণ কোৰিয়াই ইৰানৰ সৈতে যুদ্ধত ব্যৱহাৰ কৰাৰ বাবে আমেৰিকাক সামৰিক অস্ত্র–শস্ত্র যোগান ধৰিছে৷ আমেৰিকাই এই বিষয়ত স্পষ্ট কৰি দিছে যে নিৰাপত্তাজনিত কাৰণত সামৰিক সা–সৰঞ্জামৰ গতিবিধি সম্পর্কে কোনো মন্তব্য নকৰে৷ সূত্রৰ মতে, দক্ষিণ কোৰিয়াত আমেৰিকাৰ এই সামৰিক অনুশীলনক উত্তৰ কোৰিয়াই সহজভাৱে লোৱা নাই৷ উত্তৰ কোৰিয়াৰ সৈতে আমেৰিকাৰ পূর্বৰ পৰাই ভাল সম্পর্ক নাই৷ আমেৰিকাৰ নিষেধাজ্ঞাক আওকাণ কৰি কিম জং উনে পাৰমাণৱিক অস্ত্র আৰু ক্ষেপণাস্ত্রৰ প্রশিক্ষণ চলাই আহিছে৷ এনে পৰিস্থিতিত উত্তৰ কোৰিয়াতো আমেৰিকাই আক্রমণ চলোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷