নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱ পাকিস্তানত : বন্ধ বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : মধ্যপ্রাচ্যত অব্যাহত যুদ্ধৰ প্রভাৱ দেখা গৈছে প্রতিৱেশী ৰাষ্ট্র পাকিস্তানত। সাম্প্ৰতিক পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে। পাকিস্তান চৰকাৰে কিছুমান নির্দেশনা জাৰি কৰি ইয়াক কঠোৰভাৱে বলৱৎ কৰিবলৈ নিৰ্দেশ দিছে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ৰ বাবে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ প্ৰভাৱ আৰু হৰমুজ প্ৰণালীত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে চুবুৰীয়া দেশখনত তেলৰ দাম অত্যধিক হাৰত বৃদ্ধি পোৱাৰ লগতে দেশখনত ইন্ধনৰ সংকট গভীৰ হৈ পৰিছে। কাৰণ হৰমুজ প্ৰণালীত ইৰানে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত পাকিস্তানলৈ তেলৰ যোগান বন্ধ হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে পাকিস্তান চৰকাৰে কিছু বৃহৎ নির্দেশনা জাৰি কৰি কঠোৰভাৱে বলৱৎ কৰিবলৈ বাধ্য হৈ পৰিছে ৷

পাকিস্তান চৰকাৰে জাৰি কৰা নির্দেশনা অনুসৰি ১৬ মাৰ্চৰ পৰা দুসপ্তাহৰ বাবে সকলো শিক্ষা প্রতিষ্ঠান বন্ধ ঘোষণা কৰে। তদুপৰি বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহৰ পাঠদান অনলাইনযোগে হ’ব। চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্রতো জাৰি কৰা নিৰ্দেশনা অনুসৰি সপ্তাহত চাৰি দিনহে খোলা থাকিব চৰকাৰী কাৰ্যালয়। তদুপৰি চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লগতে শক্তি সংকট দূৰ কৰাৰ লক্ষ্যৰেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।

You might also like