নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপজয়ী ভাৰতীয় দললৈ অভিলেখ পৰিমাণৰ আৰ্থিক পুৰস্কাৰ বিচিচিআইৰ

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : বিশ্বকাপজয়ী ভাৰতীয় দললৈ বিচিচিআয়ে কৰিলে পুৰস্কাৰ ঘোষণা। ২০২৬ চনৰ আই চি চি টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পাছত ভাৰতীয় দলটোৰ ওপৰত ধনৰ বৰষুণ হৈছে।

বিচিচিআই-এ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। মঙলবাৰে পুৱা বিচিচিআইৰ আনুষ্ঠানিক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে। ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই ৰোহিত শৰ্মাৰ অধিনায়কত্বত ২০২৪ত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল। সেইবাৰ বিচিচিআই-এ ভাৰতীয় দলটোলৈ ১২৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

বিবৃতিটোত কোৱা হৈছে- ‘টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত বিচিচিআই-এ ভাৰতীয় ক্ৰিকেট দলটোলৈ ১৩১ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ভাৰতে এই ট্ৰফী অৰ্জন কৰে। টি-২০ বিশ্বকাপৰ ইতিহাসত খিতাপ অক্ষুণ্ণ ৰখা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে টীম ইণ্ডিয়া। এই জয়েৰে ভাৰতীয় দলটোৱে তিনিবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ ভাৰত এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক সফল দল।’

উল্লেখ্য যে টি–২০ বিশ্বকাপৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰা ভাৰতীয় দলটোৱে পুৰস্কাৰ হিচাপে লাভ কৰিছে ২৭.৪৮ কোটি টকা৷

You might also like