“মৃত্যু চিৰন্তন সত্য”- কথাষাৰৰ সত্যতা প্ৰমাণ কৰি চিৰবিদায় মাগিলে কামৰূপ জিলাৰ বকো কালিয়াবড়ী গাঁৱৰ ৰাজাবাৰী চুবাৰ নৰেন বড়োৱে। যোৱানিশা মৃত্যুবৰণ কৰা নৰেন বড়ো আছিল অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ অগ্ৰণী নেতা। তদুপৰি বড়ো আছিল অসমৰ জাতীয় স্বাৰ্থত গঠিত অসম গণ পৰিষদৰ এগৰাকী নিষ্ঠাৱান কৰ্মী।
বৃহত্তৰ অঞ্চলটোৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা এইগৰাকী নৰেন বড়োৰ যোৱানিশা পৰলোক গমন হয়। ইফালে, আজি মৃতকৰ গৃহত অঞ্চলটোৰ বহুসংখ্যক গঞা-গিয়াতিসহ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জ্যোতিপ্ৰসাদ দাস, সাংগঠনিক সম্পাদক পৰাণজ্যোতি দাস, বকো আঞ্চলিক যুৱক সংঘৰ সাধাৰণ সম্পাদক পৱন কলিতা, বকো বজাৰ সমিতিৰ সভাপতি ৰঞ্জিত দলৈৰ উপৰি বহু গুণমুগ্ধই সমৱেত হৈ মৃতকক শেষ শ্ৰদ্ধা নিবেদন কৰে আৰু মৃতকৰ পৰিয়ালৰ শোকৰ সমভাগী হয়।
কালিয়াবড়ী গাঁৱৰ প্ৰয়াত মজিন বড়োৰ দ্বিতীয় পুত্ৰ নৰেন বড়োৰ ৭৭ বছৰ বয়সত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰ-জীয়ৰী, নাতি-নাতিনীক ইহসংসাৰত এৰি যায়। ইফালে, আজি দিনৰ ভাগত শতাধিক গুণমুগ্ধৰ উপস্থিতিত গাঁৱৰ ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।