ইন্ধনৰ নাটনি নহয় ভাৰতত, বাণিজ্য মন্ত্রীৰ আশ্বাস
ডিজিটেল ডেস্ক, ১২ মার্চ : পশ্চিম এছিয়াৰ যুদ্ধৰ প্রভাৱ ভাৰতত নপৰে৷ বিকল্প পথেৰে ইন্ধন সৰবৰাহ অব্যাহত থাকিব ভাৰতলৈ৷ চলিত ইৰানৰ যুদ্ধৰ মাজতে দেশবাসীক আশ্বস্ত কৰি এই বার্তা দিয়ে কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ূষ গোৱেলে৷
জানিব পৰা মতে, এনে গুৰুতৰ পৰিস্থিতিত পশ্চিম এছিয়াক একাষৰীয়া কৰি বিকল্প পথেৰে ৪০খন দেশৰ পৰা তেল আমদানি কৰিছে ভাৰতে৷ উল্লেখ্য যে সমগ্র বিশ্বৰ ২০-২৫ শতাংশ তেলৰ বাণিজ্য চলে হৰমুজ প্রণালীৰে৷ চলিত যুদ্ধৰ পৰিপ্রেক্ষিতত সেই প্রণালী বন্ধ কৰি দিছে ইৰানে৷ সাৱধানবাণী শুনাই তেহৰানে জনাইছে যে ১ লিটাৰ তেলো পশ্চিম এছিয়াৰ বাহিৰলৈ নাযাব৷ এনে গুৰুতৰ পৰিস্থিতিত কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেলে দেশক আশ্বস্ত কৰি জনায় যে অন্যান্য দেশত ইন্ধনৰ সংকট আৰম্ভ হ’লেও ভাৰতত এতিয়াও তেনে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই৷
চৰকাৰী সূত্রই জনায় যে সৰবৰাহ নিয়মীয়া কৰি ৰাখিবলৈ ৪০খন দেশৰ পৰা বিকল্প পথেৰে আহিছে ইন্ধন৷ অর্থাৎ ভাৰতৰ চাহিদাৰ ৬০ শতাংশ ইন্ধন তেল আহিছে সুকীয়া পথেৰে৷ এনে পৰিস্থিতিত ৰাছিয়া, আর্জেণ্টিনা, অষ্ট্রেলিয়া, বেলজিয়াম, আলজেৰিয়া, এংগোলা, ব্রাজিল, ব্রুনেই, কানাডা, কলম্বিয়া, ইকুৱেডৰ, মিছৰ, ঘানা, গ্রীচ, গিনি, ইৰাক, ইজৰাইল, দক্ষিণ কোৰিয়া, কুৱেইট, লিবিয়া, মালয়েছিয়া, মেক্সিকো, নেদাৰলেণ্ডছ, নাইজেৰিয়া, নৰৱে, ওমান, পানামা, কাটাৰ, ছেনেগাল, টোগো, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহী, ব্ৰিটেইন, আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা তেল আহিছে ভাৰতলৈ৷