আইপিএলৰ ১৯সংখ্যক সংস্কৰণৰ সময়সূচী ঘোষণা বিচিচিআইৰ
ডিজিটেল ডেস্ক, ১২ মার্চ : ২৮ মার্চৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএলৰ ১৯সংখ্যক সংস্কৰণ৷ বুধবাৰে বিচিচিআয়ে বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ প্রথম ২০খন মেচৰ সূচী ঘোষণা কৰে৷ ব’র্ডে অহা ১২ এপ্রিললৈকে হ’বলগীয়া প্রতিযোগিতাখনৰ মেচসমূহৰ সময়সূচী ঘোষণা কৰিছে৷ পশ্চিমবংগ, তামিলনাডু আৰু অসমত এপ্রিল–মে’ মাহত নির্বাচন অনুষ্ঠিত হ’ব আৰু নির্বাচনৰ দিন চূড়ান্ত হোৱাৰ পিছতহে ব’র্ডে আইপিএলৰ পৰৱর্তী মেচৰ সময়সূচী ঘোষণা কৰিব৷
২৮ মার্চৰ উদ্বোধনী মেচখনত অংশগ্রহণ কৰিব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু ছানৰাইজার্ছ হায়দৰাবাদে৷ মেচখন এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইফালে, ঘোষণা কৰা ২০খন মেচৰ তিনিখন হাইপ্রফাইল মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ গুৱাহাটীত ৩০ মার্চত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুখামুখি হোৱাৰ বিপৰীতে ৭ এপ্রিলত ঘৰুৱা দল ৰাজস্থানে মুম্বাই ইণ্ডিয়ানছ আৰু ১০ এপ্রিলত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ দীর্ঘদিন ধৰি দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হিচাপে গুৱাহাটীত খেলি অহা ৰাজস্থানে প্রথম চাৰিখন মেচৰ তিনিখন মেচ বর্ষাপাৰাত খেলিব৷
মন কৰিবলগীয়া যে প্রথম অৱস্থাত প্রতিটো দলৰ চাৰিখন মেচৰ সময়সূচী ঘোষণা কৰা হৈছে৷ ব’র্ডে আজি ঘোষণা কৰা আইপিএলৰ প্রথম ২০খন মেচৰ সময়সূচী হ’ল– ২৮ মার্চ বেংগালুৰু–হায়দৰাবা (বেংগালুৰু), ২৯ মার্চ মুম্বাই–কলকাতা (মুম্বাই), ৩০ মার্চ ৰাজস্থান–চেন্নাই (গুৱাহাটী), ৩১ মার্চ পঞ্জাব–গুজৰাট (মুল্লানপুৰ), ১ এপ্রিল লক্ষ্ণৌ–দিল্লী (লক্ষ্ণৌ), ২ এপ্রিল কলকাতা–হায়দৰাবা (কলকাতা), ৩ এপ্রিল চেন্নাই–পঞ্জাব (চেন্নাই), ৪ এপ্রিল দিল্লী–মুম্বাই (দিল্লী), গুজৰাট–ৰাজস্থান (আহমেদাবাদ), ৫ এপ্রিল হায়দৰাবাদ–লক্ষ্ণৌ (হায়দৰাবাদ), বেংগালুৰু–চেন্নাই (বেংগালুৰু), ৬ এপ্রিল কলকাতা–পঞ্জাব (কলকাতা), ৭ এপ্রিল ৰাজস্থান–মুম্বাই (গুৱাহাটী), ৮ এপ্রিল দিল্লী–গুজৰাট (দিল্লী), ৯ এপ্রিল কলকাতা–লক্ষ্ণৌ (কলকাতা), ১০ এপ্রিল ৰাজস্থান–বেংগালুৰু (গুৱাহাটী), ১১ এপ্রিল পঞ্জাব–হায়দৰাবাদ (মুল্লানপুৰ), চেন্নাই–দিল্লী (চেন্নাই) আৰু ১২ এপ্রিল লক্ষ্ণৌ–গুজৰাট (লক্ষ্ণৌ), মুম্বাই–বেংগালুৰু (মুম্বাই)৷