শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিত কংগ্ৰেছৰ ভিতৰত খহনীয়া আৰম্ভ হোৱা দেখা গৈছে। সমষ্টিটোৰ অন্যতম টিকটপ্ৰত্যাশী গিৰীন্দ্ৰ কুমাৰ ভূঞাই নিজৰ পদত্যাগ ঘোষণা কৰিছে।
গিৰীন্দ্ৰ কুমাৰ ভূঞা শোণিতপুৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি হিচাপেও দায়িত্ব পালন কৰি আছিল। জানিব পৰা মতে, ৰঙাপৰা সমষ্টিৰ পৰা কাৰ্তিক কুৰ্মীক দলীয় টিকট নিশ্চিত কৰাৰ পিছতেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।
ভূঞাই নিজৰ পদত্যাগ পত্ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনাই ৰঙাপৰা সমষ্টিত কংগ্ৰেছৰ ভিতৰত নতুন ৰাজনৈতিক উত্তেজনা সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ১৬ মাৰ্চ