নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা

২০২৬ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা কৰা হৈছে। মনোৰঞ্জন জগতৰ আটাইতকৈ ডাঙৰ এই সন্মানৰ ৯৮সংখ্যক অনুষ্ঠান অনুষ্ঠিত হয় লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত।

এইবাৰ অস্কাৰত One Battle After Another ছবিখনে শ্ৰেষ্ঠ ছবিকে ধৰি মুঠ ছটা অস্কাৰ বঁটা লাভ কৰে। ছবিখনত অভিনয় কৰিছে Leonardo DiCaprioয়ে।

ইফালে Sinners নামৰ ছবিখনে মুঠ চাৰিটা অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। এই ছবিখনৰ পৰিচালনা কৰিছে Ryan Cooglerয়ে।

এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰে Michael B. Jordanয়ে ‘Sinners’ ছবিৰ বাবে। আনহাতে Jessie Buckleyয়ে Hamnet ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ বঁটা লাভ কৰে।

৯৮ সংখ্যক অস্কাৰ বঁটা অনুষ্ঠানত বিশ্ব চলচ্চিত্ৰ জগতৰ বহু তাৰকাই উপস্থিত থাকি অনুষ্ঠানটো জাকজমকীয়াকৈ উদযাপন কৰে।

২০২৬ বৰ্ষৰ অস্কাৰ বঁটাৰ তালিকাঃ

শ্ৰেষ্ঠ ছবি : ৱান বেটেল আফটাৰ এনআডাৰ

শ্ৰেষ্ঠ অভিনেতা : মাইকেল বি জৰ্ডান (ছিনাৰ্ছ)

শ্ৰেষ্ঠ সহ অভিনেত্ৰী : এমী মেডিগেন (ৱেপনছ)

শ্ৰেষ্ঠ পৰিচালক: পল থমাছ এণ্ডাৰছন (ৱান বেটেল আফটাৰ এনআডাৰ)

শ্ৰেষ্ঠ সহ অভিনেতা : ছীন পেন (ৱান বেটেল আফটাৰ এনআডাৰ)

শ্ৰেষ্ঠ সহ অভিনেত্ৰী: জেচি বাকলি (হামনেট)

শ্ৰেষ্ঠ অৰিজিনেল স্ক্ৰীণপ্লে’ : ৰায়ান কুগলাৰ

শ্ৰেষ্ঠ তথ্যচিত্ৰ : মিষ্টাৰ ন’বডী এগেইনষ্ট পুটিন

শ্ৰেষ্ঠ সংগীত (মূল স্কোৰ):ছিনাৰ্ছ

শ্ৰেষ্ঠ মৌলিক গীত: ‘গোল্ডেন’ – চলচ্চিত্ৰ: কে-পপ ডেমন হাণ্টাৰছ

বেষ্ট ডকুমেণ্টৰী শ্বৰ্ট : অল দ্য এম্পটী ৰুমছ

ডিজিটেল ডেস্ক, ১৬ মাৰ্চ

You might also like