ডিজিটেল ডেস্ক, ১৬ মাৰ্চ : দৰঙৰ দলগাঁৱৰ কৌপাটীত নিশা এক ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হয়। বেংক আৰু ATM ভাঙি লুটি নিলে নগদ ধনসহ বহু সামগ্ৰী। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত কৌপাটীত নিশা সংঘটিত এই ভয়ংকৰ ডকাইতি কাণ্ডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
দুৰ্ধৰ্ষ ডকাইতৰ দলে নিশাৰ আন্ধাৰৰ সুযোগ লৈ কৌপাটীস্থিত ভাৰতীয় ষ্টেট বেংক আৰু ইয়াৰ এটা ATMত ডকাইতি কাণ্ড সংঘটিত কৰে। নিশা কোনো সময়ত দুৰ্বৃত্তৰ দলটোৱে বেংকৰ ভিতৰত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰাৰ লগতে কেইবাটাও লেপটপ আৰু বেংকৰ গুৰুত্বপূৰ্ণ সামগ্ৰী লুট কৰি লৈ যায়। কেৱল সিমানেই নহয়, ডকাইতৰ দলটোৱে বেংকৰ সমীপতে থকা ATM ভাঙি তাৰ পৰাও বৃহৎ পৰিমাণৰ নগদ ধন লুটি নিয়ে বুলি জানিব পৰা গৈছে।
পুৱা এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ পিছতেই বড়ো বজাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে বেংক আৰু ATM-ৰ ভিতৰত প্ৰাথমিক তালাচী চলাই তদন্ত আৰম্ভ কৰিছে।