নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্রৱর্তীৰ দেহাৱসান

‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক উৎপল চক্রৱর্তীৰ দেহাৱসান৷ অসমৰ সংবাদ জগতলৈ অতুলনীয় সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আজি বিয়লি ৬.২১ বজাত মহানগৰীৰ হেল্থ চিটী হাস্পতালত ইহলীলা সম্বৰণ কৰে৷

দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ থকা জ্যেষ্ঠ সাংবাদিকগৰাকী শেহতীয়াকৈ পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ যোৱা ১ মার্চত চিকিৎসালয়ত ভর্তি হ’বলগীয়া হয়৷ কিন্তু যোৱা এটা পষেক ধৰি চিকিৎসকৰ নেৰানেপেৰা প্রচেষ্টা আৰু আত্মীয়–স্বজনৰ আকুল প্রার্থনাকো নেওচি দেহত্যাগ কৰে৷

দেহাৱসানৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৭ বছৰ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী পাপৰি বৰা চক্রৱর্তী আৰু একমাত্র পুত্র সন্তানৰ লগতে বহু আত্মীয়–স্বজন, বন্ধু–বান্ধৱক ইহসংসাৰত এৰি যায়৷

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ পৰলোকৰ খবৰ পোৱাৰ লগে লগে কাকতখনৰ সম্পাদক নৰেশ কলিতাসহ কার্যালয়ৰ বহু সাংবাদিক, সহকর্মী খানাপাৰাস্থিত হেল্থ চিটী হাস্পতালত উপস্থিত হয় আৰু শোকসন্তপ্ত পৰিয়ালবর্গক সমবেদনা জ্ঞাপন কৰে৷

উল্লেখ্য যে ১৯৬৯ চনৰ ১ মার্চত জন্মগ্রহণ কৰা অমায়িক আৰু সৰলতাৰ ভূষণেৰে ভূষিত উৎপল চক্রৱর্তীয়ে প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল উত্তৰ শালমাৰা প্রাথমিক বিদ্যালয়ত৷ চক্রৱর্তীয়ে হাইস্কুলীয়া শিক্ষালাভ কৰে স্থানীয় ডিপিএম হাইস্কুলৰ পৰা আৰু তাৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়৷

পৰৱর্তী সময়ত তেওঁ বঙাইগাঁও পলিটেকনিকৰ পৰা চিভিল বিভাগত ডিপ্ল’মা লাভ কৰে৷ আনহাতে তেওঁ সমান্তৰালকৈ অভয়াপুৰী মহাবিদ্যালয়ৰ পৰাও স্নাতক ডিগ্রী লাভ কৰে৷ শিক্ষক পিতৃ শৰৎ চক্রৱর্তীৰ জ্যেষ্ঠ পুত্র উৎপল চক্রৱর্তীয়ে সাংবাদিকতা জীৱন আৰম্ভ কৰে ১৯৮৮ চনত বৰপেটাৰ পৰা প্রকাশিত ‘বৰপীঠ’ নামৰ সংবাদ–পত্রখনৰ জৰিয়তে৷

ইয়াৰ পিছতে তেওঁ ‘আজিৰ বাতৰি’ কাকতৰ উত্তৰ শালমাৰাৰ পৰা স্থানীয় সংবাদদাতা হিচাপে কাম কৰে৷ ইয়াৰ কিছুদিন পিছতে তেওঁ ‘আজিৰ বাতৰি’ৰ সমান্তৰালকৈ ‘আজিৰ অসম’তো স্থানীয় বা–বাতৰি প্রেৰণেৰে কর্মজীৱন চলাই নিয়ে৷ পৰৱর্তী সময়ত চক্রৱর্তীয়ে ‘আজিৰ বাতৰি’ কাকততে ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে যোগদান কৰে৷

পিছলৈ তেওঁ গুৱাহাটীৰ পৰা প্রকাশিত ‘আজি’, ‘অসমীয়া খবৰ’, ‘আজিৰ দৈনিক বাতৰি’ কাকতত ষ্টাফ ৰিপ’টাৰ হিচাপে কার্যনির্বাহ কৰে৷ শেহতীয়াকৈ মৃত্যুপর্যন্ত তেওঁ ‘নিয়মীয়া বার্তা’ কাকতত জ্যেষ্ঠ সাংবাদিক হিচাপে কার্যনির্বাহ কৰি আছিল আৰু উক্ত কাকতত কর্মৰত অৱস্থাতেই আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷

ৰাজ্যৰ বিশিষ্ট সাংবাদিকগৰাকীৰ নশ্বৰ শৰীৰ আজি চিকিৎসালয়খনতে ৰখা হ’ব আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত কাইলৈ সৎকাৰ কৰা হ’ব৷ চক্ৰৱৰ্তীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই সংবাদ জগতত শোকৰ ছাঁ পৰিছে৷

‘নিয়মীয়া বার্তা’ কাকতৰ কার্যালয়ত শোকসভা
সতীর্থ সাংবাদিক উৎপল চক্রৱর্তীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে ‘নিয়মীয়া বার্তা’ কাকতত কর্মৰত সতীর্থ সাংবাদিক আৰু কর্মচাৰীসকল৷ চক্রৱর্তীৰ বিয়োগত কাকতৰ কার্যালয়ত সমূহ সাংবাদিক–কর্মচাৰীৰ উপস্থিতিত এক শোকসভা অনুষ্ঠিত হয়৷ এই শোকসভাত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই সাংবাদিক উৎপল চক্রৱর্তীৰ জীৱন আৰু কৃতিৰ বিষয়ে ব্যাখ্যা কৰে৷ নিজৰ বক্তব্যত সম্পাদকগৰাকীয়ে উৎপল চক্রৱর্তী সন্দর্ভত কয়– উৎপল চক্রৱর্তীয়ে ৩৫ বছৰ কাল অসমৰ সাংবাদিকতা জগতলৈ অৱদান আগবঢ়াই থৈ গৈছে৷ অতিশয় নিষ্ঠাৱান আৰু কর্মোদ্যমী উৎপল চক্রৱর্তীয়ে কঠিন পৰিস্থিতিৰ মাজতো সৰল জীৱন–যাপনেৰে সংবাদ ক্ষেত্রলৈ যি অৱদান আগবঢ়াইছে সেয়া স্মৰণীয় হৈ ৰ’ব৷ উৎপল চক্রৱর্তীৰ বিয়োগত কার্যালয়ত সমূহ সতীর্থ–সাংবাদিকে ২ মিনিট সময় মৌন প্রার্থনা কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰে৷

ডিজিটেল ডেস্ক, ১৭ মার্চ

You might also like