নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্রমী সৌন্দর্যৰে ৰহঢলা পুখুৰীক সমৃদ্ধ কৰাৰ প্ৰয়াস

আহোম ৰাজত্ব কালৰ অনেক ঐতিহাসিক শিল্প, ভাস্কর্য আৰু সমলেৰে ভৰপূৰ হৈ আছে অসম। সেই সমুহৰ ভিতৰত অন্যতম হৈছে ৰহঢলা পুখুৰী সমুহ। আহোম ৰাজত্বৰ কালৰ বিভিন্ন সময়ত বিভিন্ন জন ৰজাই বহু পুখুৰী খন্দাইছিল।ইয়াৰ ভিতৰত একাংশ পুখুৰী আছিল ৰহঢলা।

উল্লেখ্য ছশ বছৰীয়া গৌৰৱোজ্বল আহোম ৰাজত্বৰ কালৰ অনেক ঐতিহাসিক ভাস্কর্য শিল্প আৰু সমলৰ ভিতৰত পুখুৰী সমুহ উল্লেখ যোগ্য। সৰু বৰ বিভিন্ন ধৰণৰ পুখুৰী সমুহে আজিও আহোম ৰাজত্ব কালৰ সোণ সেৰীয়া সময়ৰ স্বাক্ষৰ উজ্জলাই ধৰি আছে। এই পুখুৰী সমুহৰ একাংশক লৈ বহু অলৌকিক কাহিনীয়েও ভৰ কৰি আছে।

সংখ্যাত কম হলেও এনে পুখুৰী সমুহৰ একাংশক ৰহঢলা পুখুৰী বোলা হয়। বিজ্ঞ লোকৰ মতে  ৰহ  বুলিলে সাধাৰণতে ৰস বুজোৱা হয় যদিও পুখুৰীৰ ক্ষেত্রত ব্যবহাৰ হোৱা ৰহ শব্দৰ অৰ্থ হৈছে পাৰদ বা পাৰা। পাৰা ঢলা পুখুৰীক ৰহঢলা পুখুৰী বোলা হৈছিল। আহোম ৰাজত্ব কালৰ পুখুৰী খন্দাৰ কৌশল  অনুসৰি এটা পঞ্চমূখী চাকি লৈ তাহানি ভাল পানীৰ উহ নিৰ্ণয় কৰা হৈছিল।

পঞ্চমূখী চাকি এটা মাটিৰ ওপৰেৰে ঘুৰাই লৈ ফুৰোতে হঠাৎ  যি ঠাইত চাকিটো সম্পুর্ণ নুমাই  যায় সেই ঠাইৰ তলত ভাল পানীৰ উহ থকা বুলি নিৰ্ণয় কৰা হৈছিল। চাকিটো সম্পুর্ণ নুমাই যোৱা ঠাইক কেন্দ্র কৰি পুখুৰীটো খন্দা হৈছিল। কেন্দ্রটোত এডাল শাল কাঠৰ খুটা পোতা হৈছিল। সেই ডালক নাগমাৰি বোলা হৈছিল পুখুৰী টো খান্দি হলে কেন্দ্রত যত নাগমাৰি আছে সেই স্হানত কুৱাৰ দৰে পুনৰ তললৈ কিছু দ কৈ খন্দা হয়। মাজত থাকে নাগমাৰিডাল।

এতিয়া নাগমাৰিডালক কাষেৰে দ কৈ খন্দা গাতটোত পাৰা ঢলা হয়। পাৰাই পানী পৰিস্কাৰ কৰাৰ লগতে খৰালি কালত পুখুৰীৰ পানী কমাৰ সময়ত নাগমাৰি থকা মাজৰ কুৱা সদৃশ গাতটোৰে যাতে পানী ভূ গৰ্ভলৈ সোমাই যাব নোৱাৰে সেইয়া বাধা দি ৰাখে। এনে পুখুৰী সমুহ কে ৰহঢলা পুখুৰী বোলা হৈছিল।সময়ৰ সোতত পচি গলেও এতিয়াও দুই এটা পুখুৰীত নাগমাৰি দেখা যায় ।

উল্লেখ্য লখিমপুৰ নগৰৰ মাজতে আছে তেনে এটা ৰহঢলা পুখুৰী। লখিমপুৰ নগৰৰ মাজত ডিকে ৰোজ সংযোগী পথতে লাগি আছে এটা ঐতিহাসিক ৰহঢলা পুখুৰী। এই পুখুৰীটো কোনে খন্দাইছিল তাৰ সঠিক তথ্য নাথাকিলেও চুখামফা বা খোৰা ৰজাই খন্দোৱা বুলি ঠাৱৰ কৰা হৈছে। কিয়নো এইজন ৰজাৰ দিনতে লখিমপুৰ নগৰৰ কাষতে খন্দা নাহৰ পুখুৰী আৰু জেঠী পুখুৰী আছে।

সেয়ে তেৱেঁই এই ৰহঢলা পুখুৰীটো খন্দোৱা বুলি ঠাৱৰ কৰা হৈছে। পুখুৰী টো দীর্ঘ আৰু প্ৰস্হ সমান। ১৪৭ ফুট দৈর্ঘ্য আৰু প্ৰস্হ এই পুখুৰী টোৰ। কিছু দিনৰ আগতে স্থানীয় বিধায়ক মানৱ ডেকাৰ উদ্যোগত পুখুৰীটোৰ সৌন্দর্য বৰ্ধন কৰা হয়। শেহতীয়া কৈ শিল্পী নিলীম মহন্তই পেলনীয়া  সামগ্রীৰে পুখুৰী টোৰ সৌন্দর্য বৰ্ধনৰ কাম কৰিছে।

পেলনীয়া বাইক, স্কুটাৰৰ  বিভিন্ন  অংশকে ধৰি বিভিন্ন বস্তৰে তেওঁ পুখুৰীটোক সজোৱাৰ কাম কৰি আছে। যদিও তেওঁ কাম শেষ কৰা নাই তথাপি তেওঁ ইতিমধ্যে পুখুৰী টো ৰ পাৰত পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰা বৃহতাকাৰ মকৰা, জাল, পখিলা আদিয়ে ৰাইজক আকৰ্ষিত কৰিছে।

শিল্পী গৰাকীৰ এনে শিল্প কৰ্মক চাবলৈ ৰহঢলা পুখুৰীৰ পাৰত বহু লোকৰ সমাগম ঘটিছে।শিল্পী নিলীম মহন্তৰ হাতৰ পৰশত ব্যতিক্রমী ৰূপত ন কৈ সৌন্দর্য সাধন হব লখিমপুৰৰ এই ৰহঢলা পুখুৰীটো। বিনোদন, আকৰ্ষণৰ কেন্দ্র বিন্দু হব পুখুৰীটো। নগৰ খনৰ মাজত আকৰ্ষণৰ কেন্দ্র বিন্দু স্বৰূপ সম্পদ সমুহত ন কৈ সংযোজন হব ৰহঢলা পুখুৰীটো। শিল্পী নীলিম মহন্তই এতিয়া সেই উদেশ্যে ব্ৰতী হৈছে সৃষ্টি কৰ্মত।

বিশেষ বাৰ্তা, লখিমপুৰ, ১৮ মাৰ্চ

You might also like