গোলকগঞ্জত বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় সৰকাৰ
ধুবুৰী জিলাৰ ৬ নং গোলকগঞ্জ বিধান সভা সমষ্টিত বিজেপিয়ে প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাত গোলকগঞ্জ সমষ্টিত সৰ্বস্তৰৰ বিজেপি কৰ্মী, সমৰ্থক, শুভাকাংক্ষী ৰাইজৰ মাজত ব্যাপক উছাহ উদ্দিপনা পৰিলক্ষিত হৈছে।
আজি দিনৰ ১২ বজাত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষনা হোৱাৰ লগে লগে তেওঁৰ আৱাসগৃহত উৎফুল্লিত প্ৰায় সহস্ৰাধিক কৰ্মী, সমৰ্থক, শুভাকাংক্ষী ৰাইজে ভীৰ কৰি তেওঁক শুভেচ্ছা জ্ঞাপনৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।
পিছত স্বত:স্ফুৰ্ত ভাবে সৃষ্টি হোৱা সমদল সহ হালাকুৰা মন্ডল বিজেপিৰ কাৰ্য্যলয়ত তেওঁক বিভিন্ন শ্লগানেৰে সম্বৰ্ধনা তথা ব্যাপক আদৰনি শুভেচ্ছা জনোৱা হয়। সমষ্টিটোৰ সৰ্বত্ৰ সৰ্বস্তৰৰ দলীয় কৰ্মী, সমৰ্থকে, শুভাকাঙ্খী সকলৰ মাজত বিজেপিৰ প্ৰাক্তন বিধায়ক সৰকাৰৰ টিকট লাভত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰাটো লক্ষনীয়।
নিয়মীয়া বাৰ্তা, গোলকগঞ্জ, ১৯ মাৰ্চ