নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত পুনৰ বিজেপিৰ কৃষ্ণকমল তাঁতীৰ প্ৰাৰ্থিত্ব লাভ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা চূড়ান্ত প্ৰাৰ্থী তালিকাত পুনৰ শোণিতপুৰৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক কৃষ্ণ কমল তাঁতীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে।

দ্বিতীয়বাৰৰ বাবে তাঁতীয়ে সমষ্টিৰ টিকট লাভ কৰাত বিধায়কগৰাকীৰ লগতে সমষ্টি বিজেপিৰ সকলো পৰ্যায়ৰ দলীয় নেতা-সমৰ্থকৰ মাজত উছাহ পৰিলক্ষিত হৈছে।

বিধায়কগৰাকীৰ সমৰ্থকসকলে ৰঙাপৰা, বালিপৰা ইত্যাদি সমষ্টিৰ বিভিন্ন স্থানত দলীয় সমৰ্থকসকলে ফটকা ফুটাই, দলীয় শ্লোগান দি আনন্দ কৰা পৰিলক্ষিত হৈছে।

নিয়মীয়া বাৰ্তা, বালিপৰা, ১৯ মাৰ্চ

You might also like