নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ মার্চৰ পিছত অসমত প্রচাৰ চলাব নৰেন্দ্ৰ মোদী– অমিত শ্বাহ–নীতিন নবীনে

ডিজিটেল ডেস্ক, ২০ মার্চ : বিধানসভা নির্বাচনক লৈ প্রস্তুতি সম্পন্ন কৰি তোলা ৰাজ্যিক বিজেপিয়ে ২৪ মার্চৰ পৰা আৰম্ভ কৰিব ব্যাপক নির্বাচনী প্রচাৰ৷ বিজেপিৰ হৈ অসমলৈ প্রচাৰ চলাবলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ৰাষ্ট্রীয় সভাপতি নীতিন নবীনৰ লগতে জ্যেষ্ঠ নেতা জে পি নাড্ডা, ৰাজনাথ সিঙকে ধৰি কেইবাজনো শীর্ষ নেতা৷ এই কথা সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়– বিজেপিয়ে প্রচাৰৰ বাবে প্রস্তুতি ইতিমধ্যে সম্পূর্ণ কৰি তুলিছে৷ দলৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ কোন ৰাষ্ট্রীয় নেতা কেতিয়া আহিব, ক’ত প্রচাৰ চলাব সেয়াও সম্পূর্ণ কৰি তোলা হৈছে৷

১ এপ্রিলৰ পৰা ৬ এপ্রিলৰ ভিতৰত প্রধানমন্ত্রীয়ে তিনিটা ৰেলী কৰাৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৫–৬ দিন ৰাজ্যখনত প্রচাৰ চলাব৷ এই সময়ছোৱাত তেওঁ ১২টাতকৈ অধিক ৰেলীত অংশগ্রহণ কৰিব৷ একেদৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, দলৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীন, জ্যেষ্ঠ নেতা জে পি নাড্ডা, মনোজ তেৱাৰী, ৰাজনাথ সিঙকে ধৰি শীর্ষ নেতাসকলে ৰাজ্যত প্রচাৰ চলাব৷ দলৰ হৈ কোন নেতাই ক’ত প্রচাৰ চলাব সেয়া ইতিমধ্যে থিৰাং কৰি থোৱা হৈছে৷

ইফালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২৪ মার্চৰ পৰা প্রতিদিনে ৫খনকৈ নির্বাচনী প্রচাৰ সভাত অংশ লোৱাৰ লগতে কেইবাটাও ৰেলী কৰিব৷ বৃহস্পতিবাৰে মুখ্যমন্ত্রীয়ে এই প্রসংগত কয়– অহা ২০ দিনত মই প্রতিদিনে ৫খনকৈ অর্থাৎ ১০০খন নির্বাচনী প্রচাৰ সভাত অংশ ল’ম৷ শৰীৰে অনুমতি দিলে এই সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আনহাতে, দলৰ সংকল্প–পত্র প্রকাশৰ ক্ষেত্রত বিজেপিয়ে কোনো সময় নির্ধাৰণ কৰা নাই যদিও ৰাষ্ট্রীয় নেতৃত্বই নির্বাচনী প্রচাৰৰ বাবে অসমলৈ অহাৰ সময়তে এই সংকল্প পত্র কোনো এটা দিনত উন্মোচন কৰা হ’ব৷ এইক্ষেত্রত কেন্দ্রীয় বিত্তমন্ত্রী অথবা ৰাষ্ট্রীয় সভাপতিৰ ভ্রমণসূচীৰ লগত সংকল্প পত্র মুকলি কৰাৰ দিন স্থিৰ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷

You might also like