নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিজাত তালিকাত ৰ’নাল্ডোৰ সৈতে স্থান লাভ মেছিৰ

ডিজিটেল ডেস্ক, ২০ মার্চ : বর্ণিল কেৰিয়াৰত আন এক মাইলষ্টোনত প্রৱেশ কৰিলে আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে৷ ফুটবলৰ ৰাজপুত্রগৰাকীয়ে কেৰিয়াৰত ৯০০সংখ্যক গ’ল কৰাৰ গৌৰৱ অর্জন কৰে৷

বুধবাৰে কনকাকাফ চেম্পিয়নছ কাপত ইণ্টাৰ মিয়ামিয়ে নেশ্বভিলৰ বিৰুদ্ধে ১–১ গ’লত ড্র খেলে যদিও মেছিৰ দলটোৱে প্রতিযোগিতাখনৰ পৰা বিদায় মাগিবলগীয়া হয়৷ দলটোৰ হৈ একমাত্র গ’লটো দিয়ে মেছিয়ে৷ মেচ আৰম্ভ হোৱাৰ ৭ মিনিটৰ পিছতে মেছিয়ে গ’লটো স্ক’ৰ কৰি মাইলষ্টোনত প্রৱেশ কৰে৷ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে প্রতিযোতিাখনৰ অন্তিম ষোল্লৰ দ্বিতীয় লেগত মিয়ামিক অগ্রগতি প্রদান কৰে যদিও বিপক্ষ দলটোৱে ৭৪ মিনিটত ক্রিষ্টিয়ান এস্পিনোজাৰ গ’লেৰে সমতা স্থাপন কৰে৷ এৱে গ’লত নেশ্বভিলে কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰে৷

২০২৩ চনত ফ্ল’ৰিডালৈ যোৱাৰ পিছত মেছিয়ে ৮১সংখ্যক গ’ল স্ক’ৰ কৰে৷ স্পেনিছ দল বার্চিলোনাৰ হৈ ৬৭২টা, পেৰিছ ছেইণ্ট জার্মেইনৰ হৈ ৩২টা আৰু আর্জেণ্টিনাৰ হৈ ১১৫টা গ’ল স্ক’ৰ কৰা মেছিয়ে ২১ বছৰ পূর্বে পেছাদাৰী ফুটবলত প্রথমটো গ’ল দিছিল৷ দুটা দশকত তেওঁ ৯০০টা গ’ল অতিক্রম কৰিলে৷ অৱশ্যে সামগ্রিক গ’লৰ ক্ষেত্রত ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ পিছতে স্থান লাভ কৰিছে মেছিয়ে৷ পর্তুগীজ তাৰকা ৰ’নাল্ডোৱে আন্তঃৰাষ্ট্রীয় কেৰিয়াৰত ৯৬৫টা গ’ল দিছে৷

You might also like