ডিজিটেল ডেস্ক, ২০ মাৰ্চ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছে। পত্নী-পুত্ৰক কাষত লৈ মনোনয়ন দাখিলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশাল ৰেলীৰে কামৰূপ (মেট্ৰ’) জিলা আয়ুক্তৰ কাৰ্যালয়ৰ দিশে আগবাঢ়িছে।
বিজেপিৰ হাজাৰ হাজাৰ সমৰ্থকে এই ৰেলীত অংশগ্ৰহণ কৰে আৰু মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে আগবাঢ়ে।
সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু হাজাৰ হাজাৰ বিজেপি কৰ্মী আৰু সমৰ্থকৰ সৈতে এখন খোলা গাড়ীৰ ওপৰত থিয় হৈ ড০ শৰ্মাই জনসাধাৰণক বিপুল সঁহাৰিৰ বাবে ধন্যবাদ জনায়।
এই ৰেলীত তেওঁৰ সমৰ্থকসকলে আস্থা প্ৰকাশ কৰিছে যে ড০ শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ’ব আৰু জালুকবাৰী সমষ্টিত এক লাখৰো অধিক ভোটত জয়লাভ কৰিব।