গ্ৰন্থ উৎসৱত সাধাৰণতে লেখক, পাঠক আৰু প্ৰকাশকৰ সমন্বয় ঘটে। সেই সমন্বয়তাত সৌন্দৰ্যতা বিচাৰি পোৱা যায়। লগতে গ্ৰন্থ উৎসৱসমূহে গতানুগতিকতাৰ পৰা আতঁৰি আহি বৌদ্ধিক উত্তেজনা সৃষ্টি কৰিবৰ সাজু হ’ব লাগে। সাম্প্ৰতিক সময়ত পাঠকৰ চিন্তা-চেতনাবোৰ সলনি হৈছে।নতুন পাঠকৰ বাবে কোনবিলাক সাহিত্য প্ৰয়োজনীয় সেইটোৰ ওপৰত গুৰুত্ব দি জ্ঞান অন্বেষণ আৰু জ্ঞান নিৰ্মাণৰ সাহিত্য সৃষ্টি কৰা প্ৰয়োজনীয় বুলি মন্তব্য কৰে যোৰহাট জগন্নাথ বৰুৱা বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই।
আজিৰে পৰা গৌৰীসাগৰ ৰাজ্যিক পৰিবহণ নিগম বাছ আস্থান প্ৰাংগণৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা গৌৰীসাগৰ সমন্বয় গ্ৰন্থ উৎসৱৰ শুভ উদ্বোধন কৰি শিক্ষাবিদগৰাকীয়ে আৰু কয় যে আজিৰ সময়ত নতুন প্ৰজন্মই বক্তৃতা ব্যাখ্যা আৰু বন্দনা শুনিব নিবিচাৰে৷ তেওঁলোকক সৃষ্টিশীল কৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিব লাগিব ৷ চিন্তাৰ উত্তৰণ ঘটাবৰ বাবে এটা পৰিৱেশ দিব লাগিব।
উদযাপন সমিতিৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাহিত্যিক জীৱন কৃষ্ণ গোস্বামী আৰু সম্পাদক ৰাজীৱ দত্তই আঁত ধৰা উদ্বোধনী সভাত পাঁচজনকৈ লেখকৰ ছয়খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।ইয়াৰ ভিতৰত ৯৭ বৰ্ষ গৰকা বিশিষ্ট শিক্ষাবিদ তোষেশ্বৰ বৰঠাকুৰৰ “পুৰাণ কাহিনীৰ” তৃতীয় খণ্ড আৰু “বিয়লি বেলা” শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জ্যোতি প্ৰসাদ শইকীয়া আৰু বিশিষ্ট কবি সাহিত্যিক প্ৰেম গগৈয়ে। বিশিষ্ট শিক্ষাবিদ ৰত্নেশ্বৰ বড়াৰ অনুবাদ গ্ৰন্থ “স্বামী আৰু বন্ধুবৰ্গ” (মূল আৰ কে নাৰায়ণ), কামাখ্যা বৰুৱাৰ অনুবাদ গ্ৰন্থ “মোৰ পুত্ৰৰ অন্তিম সংস্কাৰত বন্ধু নাথাকে” (মূল পাৰুৰ আনন্দ) আৰু অঞ্জনা শইকীয়া চুতীয়াৰ “অবিভক্ত শিৱসাগৰ ঐতিহাসিক ঠাইৰ নামৰ ইতিবৃত্ত” গ্ৰন্থখনৰ শুভ উন্মোচন কৰে শিক্ষাবিদ ড০ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰেম গগৈয়ে।
আনহাতে, অসম চৰকাৰৰ যুৱ লেখকৰ সন্মানপ্ৰাপক বিশিষ্ট যুৱ লেখিকা বিউতি বড়া দত্তৰ উপন্যাস যোগমায়াৰ শুভ উন্মোচন কৰে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ ৰেখা বৰঠাকুৰে। উদযাপন সমিতিৰ সভাপতি কামাখ্যা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জে এছ পাব্লিকেচনৰ স্বত্বাধিকাৰী বিশিষ্ট গ্ৰন্থ প্ৰকাশক প্ৰণৱ হাজৰিকা, জি বি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ অশোক বৰঠাকুৰকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি।
পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদিৰে অনুষ্ঠানৰ শুভাৰম্ভ হোৱা গ্ৰন্থমেলাৰ মূল তোৰণ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তোষেশ্বৰ বৰঠাকুৰে, বিপণীৰ দ্বাৰ উন্মোচন কৰে বিশিষ্ট লেখক বাণীকান্ত শইকীয়াই। আনহাতে, জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ উন্মোচন কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে। ইয়াৰ পাছতে প্ৰদশনীৰ দ্বাৰ উন্মোচন কৰে গৌৰীসাগৰ জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মুহিকান্ত নাথে ৷ সন্ধিয়া অনুষ্ঠিত হ’ব লগা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷