নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলৰ প্রথম সপ্তাহত বিহালীত প্রধানমন্ত্রী মোদীৰ বিশাল জনসভা

ডিজিটেল ডেস্ক, ২২ মার্চ : প্রার্থী তালিকা ঘোষণাৰ পিছতে সমাগত বিধানসভা নির্বাচনৰ বাবে অধিক তৎপৰ হৈ পৰিছে বিজেপি৷ দলটোৰ মূল লক্ষ্যই হৈছে ক্রমাগতভাৱে তৃতীয়বাৰলৈ অসমৰ ক্ষমতা দখল কৰা৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সমান্তৰালভাৱে ৰাষ্ট্রীয় নেতৃত্বয়ো অসম বিধানসভা নির্বাচনক যথেষ্ট গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷

ইতিমধ্যে অসমত নির্বাচনী ৰণশিঙা বজোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা এপ্রিল মাহৰ প্রথম সপ্তাহত বিহালীত সম্বোধন কৰিব এখন বিশাল জনসভা৷ এতিয়াৰে পৰা এই জনসভাৰ প্রস্তুতি আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ প্রধানমন্ত্রী মোদীয়ে প্রধানতঃ উত্তৰ অসমৰ ৫ সমষ্টি ক্রমে বিহালী, নদুৱাৰ, বিশ্বনাথ, গহপুৰ আৰু বিহপুৰীয়াৰ প্রার্থীসকলৰ হৈ বৰালিমৰা পথাৰত অনুষ্ঠিতব্য এই জনসভাত প্রচাৰ চলাব৷

জনসভাখনত প্রস্তুতিৰ অংশ হিচাপে শনিবাৰে বৰালিমৰাত উপস্থিত হয় শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গহপুৰৰ প্রার্থী তথা বিধায়ক উৎপল বৰা, বিশ্বনাথৰ প্রার্থী পল্লৱলোচন দাস, বিহালীৰ প্রার্থী মুনীন্দ্র দাস আৰু বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম দাসসহ কেইবাজনো দলীয় নেতা৷ তেওঁলোকে জনসভাখনৰ স্থান পৰিদর্শন কৰাৰ লগতে প্রস্তুতিৰ বিভিন্ন দিশ তদাৰক কৰে৷

You might also like