নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ ক্ষেপণাস্ত্রত বিধ্বস্ত ইজৰাইলৰ ‘লিটল ইণ্ডিয়া’

ডিজিটেল ডেস্ক, ২৩ মার্চ : ইৰানৰ নাটাঞ্জ পাৰমাণৱিক কেন্দ্রত আক্রমণৰ কেইঘণ্টামানৰ ভিতৰতে ইজৰাইলৰ লিটল ইণ্ডিয়া হিচাপে পৰিচিত ডিমনাত বেলিষ্টিক ক্ষেপণাস্ত্রৰে আক্রমণ চলায় ইৰানে৷ এই চহৰখনতে আছে ইজৰাইলৰ পাৰমাণৱিক কেন্দ্র৷ সেই কেন্দ্রক লক্ষ্য কৰিয়েই আক্রমণ চলোৱা হৈছে বুলি দাবী কৰিছে ইজৰাইলৰ সংবাদ মাধ্যমে৷

সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, শনিবাৰে ইৰানৰ নাটাঞ্জ পাৰমাণৱিক কেন্দ্রক লক্ষ্য কৰি লৈছিল ইজৰাইল আৰু আমেৰিকাই৷ এই আক্রমণৰ প্রতিশোধ ল’বলৈয়ে ইজৰাইলৰ ডিমনা চহৰত থকা চমিন পেৰেজ নেগেভ পাৰমাণৱিক গৱেষণা কেন্দ্রক লক্ষ্য কৰি ক্ষেপণাস্ত্র নিক্ষেপ কৰে ইৰানে৷ এই আক্রমণত শতাধিক লোক আহত হয় বুলি ইজৰাইলৰ সংবাদ মাধ্যমে দাবী কৰিছে৷

দেশখনৰ সংবাদ মাধ্যমে প্রকাশ কৰা মতে, ইৰানে নিক্ষেপ কৰা ক্ষেপণাস্ত্র এটা কমিউনিটী ভৱনৰ ওপৰত পৰে৷ এই আক্রমণত কেইবাটাও বাসভৱনৰো ক্ষতি হয়৷ কিন্তু এলেকাটোৰ অধিকাংশ লোকেই সঠিক সময়তে ‘ব’ম্ব ছেল্টাৰ’ত আশ্রয় লোৱাৰ ফলত প্রাণহানিৰ ঘটনা এৰাই চলিব পৰা গৈছে৷ তথাপি এই আক্রমণত শতাধিক স্থানীয় বাসিন্দা আহত হৈছে৷

উল্লেখ্য যে এই ডিমনা চহৰখনত বৃহৎসংখ্যক ভাৰতীয় লোকে বসবাস কৰে৷ সেই কাৰণেই এই ডিমনা চহৰক ‘লিটল ইণ্ডিয়া’ বুলিও কোৱা হয়৷ অৱশ্যে এই ঘটনাত কোনো ভাৰতীয় আহত হৈছে নে নাই সেই বিষয়ে স্পষ্টকৈ জানিব পৰা হোৱা নাই৷ এই চহৰখনত প্রায় ৭,৫০০ ভাৰতীয় লোকে বসবাস কৰে৷ তেওঁলোকৰ বেছিভাগেই মহাৰাষ্ট্রৰ৷ ইয়াত ক্রিকেট অত্যন্ত জনপ্রিয় এটি খেলা৷ ভাৰতীয় খাদ্যও পোৱা যায়৷ মাৰাঠী ভাষাৰ প্রচলনো আছে৷ এই আক্রমণৰ পিছত আতংকিত হৈ পৰিছে ভাৰতীয়সকল৷ ইজৰাইলী সেনাই এই আক্রমণৰ কথা স্বীকাৰ কৰিছে৷ কেৱল ডিমনাতেই নহয়, আৰাডতো আক্রমণ চলোৱা হয় বুলি সেনা বাহিনীৰ তৰফৰ পৰা দাবী কৰা হৈছে৷

সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, ক্ষেপণাস্ত্রসমূহক ৰোধ কৰাৰ চেষ্টা চলায় ইজৰাইলৰ আকাশী প্রতিৰক্ষা ব্যৱস্থাই৷ কিন্তু ব্যর্থ হয়৷ ১০০ কেজি বিস্ফোৰক বহনক্ষম দুটি ক্ষেপণাস্ত্রই একে সময়তে আঘাত হানে৷ আৰাডত ৮৪জন লোক আহত হয়৷ তেওঁলোকৰ ভিতৰত ১০জনৰ অৱস্থা সংকটজনক৷ আনহাতে, ডিমনাত আহত হয় ৩৩জন লোক৷ দুয়োটা অঞ্চলৰে পৰিস্থিতি চালি–জাৰি চাই থকা হৈছে বুলি জনাইছে ইজৰাইল বাহিনীৰ মুখপাত্র ব্রিগেডিয়াৰ জেনেৰে এফি ডেফ্রিনে৷

You might also like