নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২৬ সমষ্টিৰ বাবে মুঠ ৮১৭জন প্রার্থীৰ মনোনয়ন দাখিল

২০২৬ৰ নির্বাচনী মহাৰণৰ বাবে শসনাধিষ্ঠিত বিজেপি মিত্রজোঁট আৰু বিৰোধী কংগ্রেছকে ধৰি ৰাষ্ট্রীয় আৰু আঞ্চলিক ৰাজনৈতিক দলৰ মনোনীত প্রার্থীসকলৰ লগতে একাংশ নির্দলীয় প্রার্থী এক প্রকাৰ সাজু হৈছে৷

১২৬খন আসন বিশিষ্ট অসম বিধান সভাৰ আগন্তুক নির্বাচনৰ আজি মনোনয়ন পত্র দাখিলৰ অন্তিম দিনা ৮১৭গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰি নির্বাচনী যুঁজৰ বাবে সাজু হৈছে৷ আগন্তুক পাঁচ বছৰৰ বাবে ৰাজ্যৰ শাসন ক্ষমতা কুক্ষিগত কৰাৰ বাবে আজি ৰাজ্যৰ প্রধান ৰাজনৈতিক দল বিজেপি, কংগ্রেছ, অগপ, অজাপ, ৰাইজৰ দল, এআইইউডিএফ আদিকে ধৰি ৰাষ্ট্রীয় আৰু আঞ্চলিক দলসমূহৰ প্রার্থীসকলে নিজা নিজা জিলা সদৰৰ ৰিটার্নিং বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে৷

প্রতিটো দলৰ প্রক্ষেপিত প্রার্থীসকলে আজি ঢ়োলে–দগৰে, বিশাল–বিশাল শোভাযাত্রা কৰি দলীয় সমর্থক তথা শুভাকাংক্ষীসকলৰ বিপুল হর্ষধ্বনিত মনোনয়ন পত্র দাখিল কৰে৷ মনোনয়ন পত্র দাখিলৰ অন্তিম দিনা আজি প্রকৃততে ৰাজ্যৰ প্রান্তে প্রান্তে এক উৎসৱমুখৰ পৰিৱেশৰ সূচনা হয় আৰু প্রার্থীসকলে এক প্রকাৰ আনন্দোল্লাসৰ মাজেৰে, পুষ্পবৃষ্টিৰ মাজেৰে ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে৷

সংশ্লিষ্ট প্রার্থসকলক নিজ নিজ সমষ্টিৰ সমর্থকসকলে বিহু নাচ, গায়ন–বায়ন, বিভিন্ন ধৰণৰ সাংস্কৃতিক কার্যসূচী ও সমদলৰ মাজেৰে শোভাযাত্রা কৰি, নিজ নিজ দলীয় পতাকা প্রদর্শনৰে অহা ৯ এপ্রিলত হ’ব লগা নির্বাচনী মহানৰণৰ বাবে আগুৱাই দিয়ে৷ আজি মনোনয়ন পত্র দাখিল অন্তিম দিনা ৰাজ্যৰ কেইবাগৰাকী হাই প্রফাইল ৰাজনৈতিক নেতাই নিজৰ মনোনয়ন পত্র দাখিল কৰে৷

আজি মনোনয়ন পত্র দাখিল কৰা হাই প্রফাইল নেতাসকলৰ ভিতৰত আছে বিজেপিৰ বর্ষীয়ান নেতা টিহু সমষ্টিৰ প্রার্থী চন্দ্রমোহন পাটোৱাৰী, বিজেপিৰ নলবাৰী সমষ্টিৰ প্রার্থী জয়ন্ত মল্ল বৰুৱা, নিউ গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্রার্থী দীপ্লু ৰঞ্জন শর্মা, মধ্য গুৱাহাটীৰ বিজেপিৰ প্রার্থী বিজয় কুমাৰ গুপ্তা, দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী প্রদ্যুৎ বৰদলৈ, কলিয়াবৰৰ অগপ প্রার্থী তথা অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, বোকাখাতত অগপৰ প্রার্থী তথা দলটোৰ সভাপতি অতুল বৰা, টিংখাঙত বিজেপিৰ মন্ত্রী বিমল বৰা, বিহপুৰীয়াত ভূপেন বৰা, যোৰহাটত প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ, বিজেপিৰ প্রার্থী বিধায়ক হিতেন্দ্র নাথ গোস্বামী, শদিয়াত অজাপৰ প্রার্থী জগদীশ ভূঞা, দিছপুৰত কংগ্রেছৰ প্রার্থী মীৰা বৰঠাকুৰ আদিকে ধৰি বহু হাই প্রফাইল নেতাই মনোনয়ন পত্র দাখিল কৰে৷

স্মর্তব্য যে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অগপৰ প্রার্থীদ্বয় ক্রমে কলিয়াবৰৰ কেশৱ মহন্ত আৰু বোকাখাতত অতুল বৰাৰ মনোনয়ন পত্র দাখিলৰ সময়ত উপস্থিত থাকি দুয়োগৰাকী নেতাৰ সংগ দিয়ে৷ তাৎপর্যপূর্ণভাৱে আজি শিৱসাগৰ জিলা আয়ুক্তৰ কার্যালয়ত বিজেপিৰ হৈ অন্তিম মুহূর্তত প্রার্থীত্ব লাভ কৰা কুশল দুৱৰীয়ে নিজৰ মনোনয়ন দাখিল কৰে৷

আজি মনোনয়ন পত্র দাখিল কৰে তিতাবৰ সমষ্টিত কংগ্রেছৰ প্রার্থিত্বৰ পৰা বঞ্চিত হোৱা বিধায়ক ভাস্কৰ বৰাইও৷ তেওঁ আজি পুৱাৰ ভাগত দলৰ পৰা পদত্যাগ কৰি নির্দলীয় ৰূপত প্রতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন পত্র দাখিল কৰে৷

উল্লেখ্য যে আগন্তুক নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে এইবাৰ শাসনাধিষ্ঠিত বিজেপি দলে মুঠ ৯০খন আসনৰ বাবে ৯০ জন প্রার্থিয়ে মনোনয়ন দাখিল কৰিছে৷ আজি দলটোৰ ৬৬গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰাৰ বিপৰীতে যোৱা ২০ মার্চত মুঠ ২৪গৰাকী মনোনীত প্রার্থীয়ে আনুষ্ঠানিকভাৱে নিজৰ নিজৰ জিলা আয়ুক্তৰ কার্যালয়ত মনোনয়ন পত্র দাখিল কৰে৷

দলীয় প্রার্থীৰ মনোনয়ন পত্র প্রদান প্রক্রিয়া সন্দর্ভত বিজেপিৰ পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে কয় যে আগন্তুক অসম বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ভাৰতীয় জনতা পার্টী অসম প্রদেশে ৰাজ্যজুৰি জনসাধাৰণৰ আশীর্বাদ গ্রহণ কৰি নিজৰ সু–সংগঠিত প্রস্তুতি, দৃঢ় সংকল্প আৰু অপ্রতিৰোধ্য জন সমর্থনৰ এক ঐতিহাসিক নিদর্শন দাঙি ধৰে৷ ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিত দলৰ মনোনীত প্রার্থীসকলে হাজাৰ হাজাৰ উৎসাহী কর্মী সমর্থকৰ উল্লাসৰ ঢ়ৌৰ মাজত অদম্য আত্মবিশ্বাসেৰে নিজৰ নিজৰ মনোনয়ন পত্র দাখিল কৰে৷

এই মনোনয়ন দাখিল কার্যসূচী ৰাজ্যজুৰি এক অভূতপূর্ব আৰু ঐতিহাসিক গণ সমাগমৰ মাজত সম্পন্ন হয়৷ প্রতিজন প্রার্থীয়ে লাভ কৰা এই অভূতপূর্ব মনৰম আৰু আশীর্বাদে স্পষ্টকৈ সূচায় যে অসমৰ জনসাধাৰণ পুনৰবাৰ উন্নয়ন, স্থিৰতা আৰু সুশাসনৰ পথকেই বাছি ল’বলৈ দৃঢ় সংকল্পবদ্ধ৷

প্রিয়ংকা তামুলীয়ে কয়– এই বিশাল জনস্রোত আৰু উৎসৱমুখৰ পৰিৱেশ কেৱল এটা আনুষ্ঠানিকতা নহয়, ই হৈছে অসমৰ ৰাইজৰ মনৰ স্পষ্ট ৰায়৷ বিগত বছৰসমূহত দ্বৈত ইঞ্জিন চৰকাৰৰ নেতৃত্বত অসমে যি দ্রুত উন্নয়ন, আধুনিক আন্তঃগাঠনি, বিনিয়োগ বৃদ্ধিৰ নতুন দিশ তথা সমাজৰ প্রতিটো শ্রেণীৰ সুৰক্ষা নিশ্চিত কৰিছে, সেয়া আজি ঘৰে ঘৰে অনুভূত হৈছে৷

এই উন্নয়নৰ ধাৰাক অবিৰত ৰাখিবলৈ আৰু এক শক্তিশালী, আত্ম নির্ভৰ আৰু সমৃদ্ধ অসম গঢ়িবলৈ ৰাইজে পুনৰবাৰ বিজেপিৰ নেতৃত্বাধীন এনডিএ চৰকাৰক শক্তিশালী কৰিব বুলি দলটোৱে সম্পূর্ণ আত্মবিশ্বাস প্রকাশ কৰে৷ উল্লেখ্য যে যোৱা ২০ মার্চত ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি ’২৬ৰ নির্বাচনৰ বাবে মুঠ ১১৬গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে৷

আজি অন্তিম দিনালৈ মনোনয়ন দাখিল কৰা মুঠ ৮১৭গৰাকী প্রার্থীৰ হৈ মুঠ ১৩৯০খন মনোনয়ন পত্র দাখিল হয়৷ অন্যহাতে ধেমাজি জিলাৰ তিনি সমষ্টিৰ বাবে মুঠ ১৫ জন, লখিমপুৰ জিলাৰ ৫ সমষ্টিৰ বাবে ২৬জন, ডিব্রুগড় জিলাৰ ৬ সমষ্টিৰ বাবে ২৪ জন, বিজনী সমষ্টিৰ বাবে ১৭জন, চিদলী–চিৰাং সমষ্টিৰ বাবে ৪জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷

ডিজিটেল ডেস্ক, ২৩ মার্চ

You might also like