টিকট বঞ্চিত হৈ নির্দলীয় বা আন দলৰ প্রার্থী হিচাপে এইবাৰৰ নির্বাচন প্রতিদ্বন্দ্বিতা কৰা কংগ্রেছীসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে প্রদেশ কংগ্রেছে৷
আজি এই সন্দর্ভত প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাই এক নির্দেশনা জাৰি কৰা হৈছে৷ য’ত উল্লেখ কৰা হৈছে এনে কংগ্রেছীসকলক দলৰ পৰা নিলম্বন কৰা হৈছে ৬ বছৰলৈ৷
তদুপৰি এইসকল নেতাক প্রত্যক্ষ অথবা পৰোক্ষভাৱে সহযোগ নকৰিবলৈ দলীয় কর্মীক কোৱা হৈছে৷ অন্যথা দলৰ প্রাথমিক সদস্য পদৰ পৰা ৩ বছৰৰ বাবে নিলম্বিত হ’ব লাগিব৷
ডিজিটেল ডেস্ক, ২৩ মার্চ