নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলম্বিয়াত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

কলম্বিয়াত এখন বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। বিমানখনত মুঠ ১১০জন লোক আৰোহী আছিল। তথ্য অনুসাৰে, উৰণ আৰম্ভ কৰাৰ লগে লগে বিমানখন দুৰ্ঘটনাৰ চিকাৰ হয়। স্থানীয় সংবাদ সংস্থা ব্লু ৰেডিঅ’য়ে সোমবাৰে জনায় যে বিমানখনত ১১০জন সৈনিক আৰোহী আছিল। কলম্বিয়াৰ ৰক্ষা মন্ত্ৰালয়ে সোমবাৰে জনায় যে দেশখনৰ দক্ষিণ অংশত এটা লকহিড মাৰ্টিন (LMT.N)ৰ হাৰ্কিউলিছ C-130 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।

দুৰ্ঘটনাটোত ২০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

কলম্বিয়াৰ ৰক্ষা মন্ত্ৰীয়ে কয় যে এই দুৰ্ঘটনা তেতিয়া ঘটে, যেতিয়া বিমানখন পেৰুৰ সীমাৰ ওচৰত অৱস্থিত কলম্বিয়াৰ দক্ষিণ আমাজন অঞ্চলৰ পুৱেৰ্টো লেগুইজাম’ৰ পৰা উৰণ কৰিছিল আৰু সশস্ত্ৰ বাহিনীৰ সৈনিকসকলক লৈ গৈ আছিল।

ডিজিটেল ডেস্ক, ২৩ মাৰ্চ

You might also like