নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : মনোনয়ন পত্ৰ দাখিল পৰ্ব শেষ হোৱাৰ পিছত আজি সৰভোগৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে জন আশীৰ্বাদ যাত্ৰা। ৰেলী আৰম্ভ কৰাৰ পূৰ্বে সৰভোগৰ গৰখীয়া গোসাঁই থানত প্ৰৱেশ কৰি আশিস গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাত সৰভোগ-ভৱানীপুৰ সমষ্টিত বিজেপি মিত্ৰজোঁট আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ব্যাপক জনসমৰ্থন পৰিলক্ষিত হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰেলীত যোগদান কৰাৰ লগে লগে সমৰ্থকসকলে উৎসাহভৰা শ্লোগান দি তেওঁক স্বাগতম জনায়। তদুপৰি “বিজেপি চৰকাৰ আমাৰে… ৰঞ্জিত দাস আমাৰে” বুলি মহিলাসকলে গীত গাই নিজৰ নেতাৰ বাবে অপেক্ষা কৰি আছিল।
এই ৰেলীৰ বাবে ওলাই অহা স্থানীয় বাসিন্দাসকলৰ পৰা, বিশেষকৈ মহিলা আৰু বৃদ্ধসকলৰ পৰা আৱেগিক মতামত শুনিবলৈ পোৱা যায়। তেওঁলোকে কয় যে অসমৰ খিলঞ্জীয়া সমাজক “মামা”ৰ প্ৰয়োজন, অসমক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা ৰক্ষা কৰিবলৈ।
এই ৰেলীত ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়েও নিজৰ অভিজ্ঞতা বৰ্ণনা কৰে আৰু কৃতজ্ঞতা প্ৰকাশ কৰে।
এগৰাকী বয়োজ্যেষ্ঠ মহিলাই কয়- “মোৰ বয়সকালত মই অৰুণোদয় আঁচনিৰ জৰিয়তে নগদ সহায় পাইছোঁ আৰু এটা স্থায়ী ঘৰো পাইছোঁ। এতিয়া মোৰ সকলো আছে। মই হৃদয়ৰ পৰা মুখ্যমন্ত্ৰীক আশীৰ্বাদ জনাইছোঁ।”
আন এগৰাকী মহিলা সমৰ্থকে কয়- “অসম আৰু অসমৰ মহিলাসকল সুৰক্ষিত থাকিব, যেতিয়া ‘মামা’ থাকিব। ড০ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হ’ব লাগে। আমি তেওঁকেই বিচাৰো।”