নগাঁও জিলাৰ সকলোৰে দৃষ্টি থকা এটা সমষ্টি হ’ল চামগুৰি সমষ্টি। এই সমষ্টিটোৰ প্ৰতি সকলোৰে চকু থাকে। চামগুৰি সমষ্টিত এইবাৰ কংগ্ৰেছৰ পৰা তাঞ্জিল হুছেইন, এআইইউডিএফ দলৰ পৰা প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু বিজেপি দলৰ পৰা অনিল শইকীয়াই টিকট লাভ কৰিছে।
চামগুৰি সমষ্টিত কংগ্ৰেছৰ পৰা চিকিৎসক, অধ্যাপক, অধিবক্তা, সমাজসেৱক আৰু সফল ব্যৱসায়ীয়ে টিকট বিচাৰিছিল। কিন্তু কংগ্ৰেছ দলৰ হাইকমাণ্ডে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওচৰত শিৰনত কৰি তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাঞ্জিলক টিকট প্ৰদান কৰাত কংগ্ৰেছৰ পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ কথা চৰ্চালৈ আহিছে। চামগুৰিত ককা, দেউতা আৰু নাতিৰ ৰাজনীতিৰ কথা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। চামগুৰি সমষ্টিত এতিয়া তাঞ্জিল শিশু নেতা হিচাপে পৰিচিত হৈ পৰিছে।
আনপিনে চামগুৰি সমষ্টিত এআইইউডিএফ দলে অগ্নিবক্তা হিচাপে পৰিচিত ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজক প্ৰক্ষেপ কৰিছে। আজমলে ধুবুৰীৰ লোকসভা নিৰ্বাচনৰ পোটক তুলিবলৈ এইবাৰ ৰকিবুলৰ পুত্ৰৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। চামগুৰিত আব্দুল আজিজৰ ছাত্ৰ নেতাৰ পৰাই আছে ব্যাপক জনপ্রিয়তা। সংখ্যালঘু ৰাইজৰ হৈ সদায় মাত মাতি আহিছে আব্দুল আজিজে। সংখ্যালঘু দৰদী নেতাজনে আজিৰ পৰা প্ৰায় ৬-৭ মাহ আগৰ পৰাই সমষ্টিটোৰ চুকে-কোণে সভা-সমিতি কৰি প্ৰস্তুতি তুংগত কৰি দলৰ ভেটি শক্তিশালী কৰি তুলিছে। আব্দুল আজিজক আজমলে টিকট প্ৰদান কৰাত কংগ্ৰেছত আৰম্ভ হৈছে খহনীয়া। প্ৰতিদিনে কংগ্ৰেছৰ পৰা শ শ লোকে কংগ্ৰেছ দল ত্যাগ কৰি এআইইউডিএফ দলত যোগদান কৰিছে। যাৰ বাবে চামগুৰিত এইবাৰ এআইইউডিএফ দল শক্তিশালী হিচাপে থিয় দিছে। স্বয়ং কংগ্ৰেছীসকলেও শিশু নেতা তাঞ্জিল হুছেইনতকৈ এশ গুণে আব্দুল আজিজ ভাল বুলি গুণগথা আৰম্ভ হৈছে।
ইপিনে, বিজেপি দলে কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াক পুনৰ চামগুৰিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২০২১ চনৰ চামগুৰিৰ বিজেপি প্ৰাৰ্থী আছিল অনিল শইকীয়া। ২০২১ত পিতৃ ৰকিবুল হুছেইনৰ বিৰুদ্ধে আৰু এইবাৰ পুত্র তাঞ্জিল হুছেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে অনিল শইকীয়া। অনিল শইকীয়া কলিয়াবৰ জিলা বিজেপিৰ সভাপতি থকাৰ সময়ৰে পৰা চামগুৰিত আছে ব্যাপক জনপ্রিয়তা। চামগুৰিৰ ৰাইজে অনিল শইকীয়াক পুত্ৰৰ চকুৰে চায়। এই সকলো ফালৰ পৰা চালে দেখা যায় য়ে এইবাৰ চামগুৰিত ত্ৰিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে চামগুৰিত কোনে মাৰিব শেষ হাঁহি, সেইটো ভোটাৰ ৰাইজে নিৰ্ধাৰণ কৰিব।