‘মুখ্যমন্ত্ৰী ড° শৰ্মাক শক্তিশালী কৰিবলৈ বিজেপিক ভোট দিয়ক’
নৱগঠিত কমলপুৰ বিধান সভা সমষ্টিৰ চাংসাৰি ধোপাতাৰীস্থিত বেজেৰা মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি কংগ্ৰেছ কৰ্মী সহ দুই শতাধিক লোকে ভাৰতীয় জনতা পার্টীত যোগদান কৰে।
তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা ন-বিজেপি যুৱ নেতা কংকন নাথৰ নেতৃত্বত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ এই লোক সকলে দলটোত যোগদান কৰে। বেজেৰা মণ্ডল বিজেপিৰ সভাপতি নয়নমনি বড়াৰ সভাপতিত্ব অনুষ্ঠিত যোগদান কার্যসূচীত ৩২ নং কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, দলটোৰ প্ৰবাসী বিস্তাৰক মহেশ যাদৱ, দলৰ উপ সভানেত্ৰী ভাস্বতী ডেকা প্ৰমুখ্যে বহুকেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকে।
যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাৰ্থী দিগন্ত কলিতাই যি সকল ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা আৰু বিশ্বাসলৈ দলটোত যোগদান কৰিলে তেওঁলোকক প্ৰথমে আদৰণি জনায়।
নিজৰ ভাষণত কলিতাই কয় যে এনেধৰণৰ যোগদানৰ জৰিয়তে দলটোক অধিক শক্তিশালী কৰিব তাত সন্ধেহ নাই। বিজেপিয়ে নিৰ্বাচনত এইবাৰ চমকপ্ৰদ ফলাফল লাভ কৰিব বুলি দোহাৰি কমলপুৰ ৰাইজে তেওক বিপুল ভোটত জয়যুক্ত কৰিব বুলি দৃঢ়তাৰে দাবী কৰে।
দ্বিতীয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনাই দিগন্ত কলিতাই। একেদৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়েও কংকন নাথৰ নেতৃত্ব যি সকলে আজি বিজেপিত যোগদান কৰিবলৈ আগবাঢ়ি আহিছে তেওলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু মুখ্যমন্ত্ৰীৰ অসমকলৈ যি সপোন তাক সাকাৰ ৰূপ দিবলৈ মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনায়।
অ’এছ ডি গৰাকীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সকলো স্তৰতে সম উন্নয়ন হৈছে। অসমৰ উন্নয়নে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। সেইবাবেই আজি লাখ লাখ মানুহে আশীৰ্বাদ দিয়াৰ লগতে অসমবাসীৰ হৃদয়ত মুখ্যমন্ত্রী গৰাকীয়ে এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।
অনুষ্ঠানত শুভেচ্ছামূলক ভাষন ৰাখে বিস্তাৰক মহেশ যাদবে। আনহাতে ভাৰতীয় দলত যোগদান কৰিবলৈ পাই যথেষ্ট সুখী হোৱাৰ অনুভৱ ব্যক্ত কৰিছে কেইবাজনো সংখ্যালঘু লোকে। উল্লেখ্য যে আজিৰ যোগদান কাৰ্যসূচীত নৱ প্ৰজন্মৰ বহুকেইজন লোক বিজেপিত যোগদান কৰিছে ।
নিয়মীয়া বাৰ্তা, চাংসাৰি, ২৫ মার্চ