সোণাপুৰৰ জুবিন ক্ষেত্ৰত যোৱা ছমাহ ধৰি নিস্বাৰ্থভাৱে সেৱা আগবঢাই অহা সোণাপুৰৰ কলিতাকুছিৰ নিবাসী জ্যোৎস্না গাৰ’ এক পথ দুৰ্ঘটনাত অকাল মৃত্যু ঘটে। যাৰ বাবে মৃত জ্যোৎস্না গাৰ’ৰ ঘৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ।
মৃত জ্যোৎস্না গাৰ’ৰ পৰিয়ালবৰ্গক লগ কৰি মৃতকৰ আত্মাৰ সদগতি কামনাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
আনহাতে জ্যোৎস্না গাৰ’ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখযোগ্য যে জুবিন ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা জ্যোৎস্না গাৰ’য়ে ১৮ মাৰ্চত সন্ধিয়া মন্দিৰ দৰ্শন কৰি সৰু জোৱায়েকৰ লগত মটৰচাইকেলেৰে নিজ গৃহলৈ গৈ আছিল।
ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাবশত মটৰচাইকেলৰ পৰা পৰি যায় জ্যোৎস্না গাৰ। ফলত গুৰুতৰভাবে আহত হোৱা জ্যোৎস্না গাৰ’ক সোণাপুৰ জিলা চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে।
কিন্তু গুৰুতৰভাৱে আহত জ্যোৎস্না গাৰ’ৰ চিকিৎসাধীন অৱস্থাতে ১৯ মাৰ্চত মৃত্যু হয়। জ্যোৎস্না গাৰ’ৰ মৃত্যুত সমগ্ৰ ডিমৰীয়াবাসীৰ লগতে জুবিন ফ্ৰেণ্ড ক্লাবেও শোক প্ৰকাশ কৰে। জানিব পৰা মতে জুবিন ফ্ৰেণ্ড ক্লাবৰ কিছু সদস্য মৃত জ্যোৎস্না গাৰ’ৰ ঘৰত উপস্হিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২৫ মাৰ্চ