নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপুৰীয়া অগপত পদত্যাগৰ জোৱাৰ, ভূপেন বৰাক দিলে সংগ

একালৰ বৃন্দাবন একালত পৰে চন, এনে এক দশা হৈছে বিহপুৰীয়াত অগপৰ। একালত অসম গণ পৰিষদৰ দুৰ্গ হিচাপে খ্যাত বিহপুৰীয়া সমষ্টিত সম্প্ৰতি  থৰকবৰক দলটোৰ অৱস্থা । দল ত্যাগ কৰিছে বহু নেতা কৰ্মীয়ে।

সমষ্টিটোৰ অন্যতম লেখতলবলগীয়া ধলপুৰ আঞ্চলিক সমিতিৰ সম্পাদক মহিম বৰাই অগপ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ বিহপুৰীয়া সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰাৰ ওচৰত অগপ নেতা মহিম বৰাই কেৱল যোগদান কৰা নহয় বহু সংখ্যক নেতা কৰ্মীয়ে অগপ ত্যাগ কৰি গেৰুৱা শিবিৰত যোগদান কৰে জানিব পৰা গৈছে৷

মহিম বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা তালিকাত অগপ দলৰ জিলা আৰু আঞ্চলিক পৰ্যায়ৰ বহু নেতা কৰ্মীয়ে যোগদান কৰা  কথা উল্লেখ কৰা লগতে আঞ্চলিক দলটোৰ আন বহু লোকে অচিৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা বুলি জানিবলৈ দিয়ে।

অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ ধলপুৰ আঞ্চলিকৰ সভাপতি উজ্বল শইকীয়া, ধলপুৰ আঞ্চলিকৰ সহকাৰী সম্পাদক দেৱ শইকীয়া, জ্যেষ্ঠ কৰ্মী পবিত্ৰ বৰুৱা,মহিলা পৰিষদৰ ধলপুৰ আঞ্চলিকৰ সভানেত্ৰী ঘনকান্তি শইকীয়া, জানমণি শইকীয়া, নিজু শইকীয়া, লক্ষী বৰুৱা, মমী বৰুৱা, জমকী গগৈ, লিক্ষেশ্বৰী বৰুৱা, কণিকা শইকীয়া, দিজু বৰুৱা, অমিয়া বৰুৱা, হিমাশ্ৰী বৰুৱা, নিলাক্ষী বৰুৱা, পবিতা বৰুৱা, মল্লিকা শইকীয়া, লতিকা বৰুৱা, জ্যোস্না শইকীয়া, অল্পনা বৰুৱা, সংগীতা গগৈ, পল্লবী বৰুৱা, কবিতা বৰা, কুঞ্জ বৰুৱা, দীপা বৰাই যোগদান কৰে ৷

নিয়মীয়া বাৰ্তা, ধলপুৰ, ২৬ মাৰ্চ

You might also like