বিধানসভা নিৰ্বাচন ২০২৬-ৰ পৰিপ্ৰেক্ষিতত ভোটাৰসকলক ভোটদানৰ বাবে আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে লৈছে অভিনৱ পদক্ষেপ। সেই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক একো একোটা ‘আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।
নগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ মৰ্মে আৰু বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ সৌজন্যত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ মূল বিষয়বস্তু হৈছে ‘আপোনাৰ ভোট, আপোনাৰ অধিকাৰ, ইয়াক নকৰিব অপচয়’। গণতন্ত্ৰৰ এই সৰ্ববৃহৎ উৎসৱত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু ভোটাৰসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিটো কেন্দ্ৰক সৃজনশীল তথা আকৰ্ষণীয় ৰূপত সজাই তোলাৰ নিৰ্দেশ দিয়া হৈছে।
বিশেষকৈ ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন বেনাৰ, পোষ্টাৰ আৰু শ্লোগান ব্যৱহাৰ কৰাৰ লগতে কেন্দ্ৰসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, উন্নতৰ সা-সুবিধা আৰু সহজ প্ৰৱেশযোগ্যতা নিশ্চিত কৰাটো বাধ্যতামূলক কৰা হৈছে।
উল্লেখ্য যে, এই প্ৰতিযোগিতামূলক সজাগতা অভিযানত প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা তিনিটা ভোটগ্ৰহণ কেন্দ্ৰলৈ নগদ ধনৰ পুৰস্কাৰো আগবঢ়োৱা হ’ব। সেই অনুসৰি প্ৰথম বঁটাৰ বাবে নগদ ১৫,০০০/- টকা, দ্বিতীয় বঁটাৰ বাবদ ১০,০০০/- টকা আৰু তৃতীয় বঁটাৰ বাবদ ৫,০০০/- টকা আগবঢ়োৱা হ’ব বুলি জিলা আয়ুক্তগৰাকীয়ে ঘোষণা কৰিছে।অৱশ্যে এই সাজসজ্জাৰ সময়ত কোনো ধৰণৰ ৰাজনৈতিক প্ৰতীক, দলীয় নাম বা পক্ষপাতমূলক বিষয়বস্তু প্ৰদৰ্শন কৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।
তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বেই এই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে নগাঁও জিলাৰ প্ৰতিজন ভোটাৰে এক সুন্দৰ আৰু মৰ্যাদাপূৰ্ণ পৰিৱেশত নিজৰ বহুমূলীয়া ভোটদান সাব্যস্ত কৰিব পাৰে।
শৰ্মাই নগাঁও জিলাৰ সকলো ভোটাৰলৈ আহ্বান জনাই কয়, “আহক, আমি সকলোৱে মিলি গণতন্ত্ৰৰ এই যাত্ৰাত সক্ৰিয় অংশীদাৰ হওঁ আৰু নিজৰ দায়িত্ব পালন কৰোঁ।’ উল্লেখযোগ্য যে, নগাঁও জিলাৰ সাতোটা বিধানসভা সমষ্টিত সৰ্বমুঠ ১৮৬৮ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত ২০০ টা কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। প্ৰতিটো কেন্দ্ৰতে ক্লোজ চাৰ্কিট কেমেৰাৰো ব্যৱস্থা কৰা হৈছে।
নিয়মীয়া বাৰ্তা, বেবেজীয়া, ২৬ মাৰ্চ