নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰমুজ অৱৰোধৰ ‘মাষ্টাৰমাইণ্ড’ ইৰানী নৌসেনাপ্ৰধানক হত্যাৰ দাবী ইজৰাইলৰ

ডিজিটেল ডেস্ক, ২৬ মাৰ্চ : মধ্যপ্ৰাচ্যত যুদ্ধ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আন্তৰ্জাতিক বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ জলপথ হৰমুজ ইৰানে ‘অৱৰোধ’ কৰি ৰাখিছে। ইৰানৰ ওপৰত আমেৰিকা-ইজৰাইলৰ যুটীয়া আক্ৰমণৰ পিছত হৰমুজ প্ৰণালী ইৰানে অৱৰোধ কৰি ৰখাত বিশ্ব বাণিজ্যক লৈ হাহাকাৰ লাগিছে। এই সময়তে ইজৰাইলে এক দাবী কৰিছে যে হৰমুজ প্ৰণালী অৱৰোধৰ মুখ্য দায়িত্বত থকা নৌসেনাপ্ৰধান আলিৰেজা টাংছিৰি নিহত হৈছে। ইজৰাইলৰ মতে ইৰানৰ ৰিভ’লুচনেৰী গাৰ্ডৰ নৌসেনাপ্ৰধান আলিৰেজা টাংছিৰি এক আক্ৰমণত নিহত হৈছে। ইৰানৰ বন্দৰ আব্বাছত সংঘটিত এক আক্ৰমণত তেওঁৰ মৃত্যু হৈছে। যদিও ইৰানে এই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই।

ইজৰাইলৰ সংবাদ মাধ্যমে বৃহস্পতিবাৰে দাবী কৰিছে যে বন্দৰ আব্বাছত সংঘটিত এক আক্ৰমণত আলিৰেজা নিহত হৈছে। প্ৰকাশিত খবৰ অনুসৰি আলিৰেজা হৰমুজ প্ৰণালী অৱৰোধৰ এগৰাকী মুখ্য পৰিকল্পনাকাৰী আছিল। তদুপৰি আলিৰেজা টাংছিৰিয়ে হৰমুজ প্ৰণালী অৱৰোধৰ মুখ্য দায়িত্বতো আছিল। ইৰানৰ শক্তিশালী ইছলামিক ৰিভ’লুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)ৰ নৌসেনাৰ শাখাৰ নেতৃত্ব দিছিল টাংছিৰিয়ে ।

সাগৰত আমেৰিকা আৰু ইজৰাইলক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল । যদিহে তেওঁৰ মৃত্যু নিশ্চিত হয় তেন্তে ইৰানৰ সামৰিক আন্তঃগাঁথনি বিশেষকৈ নৌসেনাৰ শক্তিৰ বাবে এক বৃহৎ ক্ষতি হ’ব ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ইৰানে নিজৰ শীৰ্ষ সামৰিক বিষয়াৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বুলি আশংকা কৰা হৈছে, যিয়ে উপসাগৰীয় দেশ আৰু আন্তঃৰাষ্ট্ৰীয় জলপথৰ নিৰাপত্তা সংকট আৰু অধিক গভীৰ কৰি তুলিব পাৰে।

You might also like