নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত বিশাল জনসমাগমেৰে বিজয় সংকল্প যাত্ৰা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী তথা জেষ্ঠ বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে আজি মঙলদৈত এখন নিৰ্বাচনী ৰ’ড শ্ব’ত অংশ গ্ৰহণ কৰে আৰু মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীলিমা দেৱীৰ হৈ ৰণশিঙা বজায়।

বিয়লি প্ৰায় ৫ বজাত মঙলদৈ বিদ্যাপীঠ খেলপথাৰত সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সহিতে হেলিকপ্টাৰেৰে উপস্থিত হৈ পুষ্পসজ্জিত খোলা জীপত উঠি লক্ষ্মীনাথ বেজবৰুৱা পথেৰে ভেবাৰঘাটলৈ যাত্ৰা কৰাৰ সময়ত  বৃহৎ সংখ্যক তেওঁৰ অনুৰাগী, দলীয় কৰ্মী, সমৰ্থক আৰু সাধাৰণ ৰাইজে পথৰ দুয়োকাষে শাৰী শাৰীকৈ থিয় হৈ ড০ শৰ্মাক অভিবাদন জনোৱাৰ লগতে শতাধিক লোকে তেওঁক গামোচা, ফুলৰ মালা আদিৰে সম্ভাষণ জনায়।

মুখ্যমন্ত্রী গৰাকীয়েও ৰাইজক প্ৰতি সম্ভাষণ জনোৱা পৰিলক্ষিত হয়। ইয়াৰ মাজতে তেওঁ টেঙাবাৰী চ’কত গাড়ীৰ ওপৰত থিয় হৈ উপস্থিত ৰাইজক সম্বোধন জনায়। তেওঁ কয় যে যোৱাবাৰ মঙলদৈ বিধানসভা সমষ্টিত কংগ্ৰেছ দলে জয়লাভ কৰিছিল কিন্তু ৰাইজে যেন পুনৰ সেই ভুল নকৰে আৰু বিজেপি প্ৰাৰ্থী নীলিমা দেৱীক বিশাল ভোটৰ ব্যৱধানত বিজয়ী কৰায়।

বিজেপি দলে দুই এদিনতে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব বুলি উল্লেখ কৰি কয় যে বিকাশ আৰু অসমৰ ৰাইজৰ সুৰক্ষিত ভবিষ্যতেই এইবাৰৰ ইস্তাহাৰৰ মূল বিষয়বস্তু। যুৱক যুৱতীসকলক উদ্দেশ্যি কয় যে বিজেপি যদি ক্ষমতালৈ তেন্তে আৰু দুই লাখ যুৱক যুৱতীক এপইচাও ঘোচ নিদিয়াকৈ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিব।

ইয়াৰোপৰি ল’ৰাই হওক বা ছোৱালীয়ে কোনো সন্তানৰ উচ্চ শিক্ষাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে তাৰ দায়িত্ব চৰকাৰে ল’ ব। বিজেপি পুনৰ ক্ষমতালৈ আহিলে অৰুণোদয়, মহিলা উদ্যমিতা, মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ আঁচনি আদি বৃহৎ পৰিসৰত সম্প্ৰসাৰিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

চৰকাৰী মাটিৰ বেদখলকাৰী সকলৈ সকীয়ণি দি তেওঁ কয় যে তেওঁৰ চৰকাৰে বিগত কাৰ্যকালত দৰঙৰ গৰুখুটিৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মুঠ দেৰ লাখ চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিলে। চৰকাৰে ৰাজনৈতিকভাবে বেদখলকাৰীৰ হাত, ভৰি ভাঙি দিলে। এইবাৰ তেওঁলোকৰ মেৰুদণ্ড ভাঙি দিব যাতে অসমীয়াক ভবিষ্যতে আৰু ৰঙাচকু দেখুৱাব নোৱাৰে।

নিয়মীয়া বাৰ্তা, মঙলদৈ, ২৬ মাৰ্চ

You might also like