ডিজিটেল ডেস্ক, ২৭ মাৰ্চ : মধ্যপ্ৰাচ্যত যুদ্ধৰ ফলত বিশ্ব বজাৰত তেলৰ দাম বৃদ্ধি পাইছে। বিশ্বজুৰি খাৰুৱা তেল যোগানৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত। শুকুৰবাৰে সংশ্লিষ্ট মন্ত্ৰালয়ে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতিলিটাৰত ১০ টকাকৈ হ্ৰাস কৰিছে। ইয়াৰ ফলত পেট্ৰ’লৰ ক্ষেত্ৰত প্ৰতিলিটাৰত শুল্ক কমি ৩ টকা হৈছেগৈ, আনহাতে ডিজেলৰ আবকাৰী শুল্ক শূন্য হৈছেগে।
সংকটৰ সময়ত অধিক মূল্যত খাৰুৱা তেল ক্ৰয় কৰিবলৈ বাধ্য হোৱাত চৰকাৰে তেল কোম্পানীসমূহক যথেষ্ট সকাহ দিছে। এতিয়া এই হ্ৰাসৰ পিছত যদি তেল কোম্পানীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰে তেন্তে ইন্ধনৰ মূল্য ১০ টকা পৰ্যন্ত হ্ৰাস পাব পাৰে । এতিয়ালৈকে কেৱল চৰকাৰেহে আবকাৰী শুল্ক হ্ৰাস কৰিছে । পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস হ’ব তেল কোম্পানীয়ে ঘোষণা কৰাৰ পিছত।
যুদ্ধ যেনেকৈ দীঘলীয়া হৈ গৈ আছে, তেনেকৈ ইন্ধনৰ সংকট বৃদ্ধি পাইছে। বৃহস্পতিবাৰে এটা সংস্থাই পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিছে। নায়াৰা এনার্জীয়ে ঘোষণা কৰিছে যে প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৫ টকা বৃদ্ধি কৰা হৈছে আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ৩ টকা বৃদ্ধি হৈছে। এই বৃদ্ধি বৃহস্পতিবাৰৰ পৰাই কাৰ্যকৰী হৈছে। এই পৰিস্থিতিত ইন্ধনৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। শুকুৰবাৰৰ পৰাই পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতিলিটাৰত ১০ টকাকৈ হ্ৰাস কৰিছে পেট্ৰ’লিয়াম মন্ত্ৰালয়ে।
উল্লেখযোগ্য যে ইৰান যুদ্ধৰ ফলত হৰমুজ প্ৰণালী বন্ধ হৈ থকাৰ বাবে বিশ্ববজাৰত অশোধিত তেলৰ দাম প্ৰতিবেৰেলত ১০০ মাৰ্কিন ডলাৰৰ ওপৰলৈ গৈছে। এই অৱস্থাত দেশৰ ইন্ধন বিপণন সংস্থাসমূহে বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত প্ৰায় ৪৮.৮ টকা ক্ষতি সহি আছে। বিশেষজ্ঞসকলৰ মতে, কেন্দ্ৰৰ এই শুল্ক হ্ৰাসৰ সিদ্ধান্তই সেই ক্ষতি কিছু পৰিমাণে পূৰণ কৰিবলৈ সহায় কৰিব।