ডিজিটেল ডেস্ক, ২৭ মাৰ্চ : শিৱসাগৰ জিলাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতি গুৰুত্বপূৰ্ণ দিখৌ নৈৰ ওপৰত থকা ঐতিহাসিক গেমন দলঙৰ এটা অংশ শুকুৰবাৰে পুৱতি নিশা ভাঙি পৰে। ইয়াৰ ফলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। প্ৰায় এমাহ পূৰ্বে দলংখনৰ মাজভাগ অলপ বহি গৈছিল, যাৰ বাবে গধুৰ যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছিল।
জানিব পৰা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৪:৩০ বজাত এই ঘটনা সংঘটিত হয় । এই ঐতিহাসিক দলংখন ১৯৬৩ চনতে নিৰ্মাণ কৰা হৈছিল। ১৯৬৩ চনত নিৰ্মিত এই পুৰণি দলংখনৰ ভেটিৰ মাটি খহি যোৱাৰ ফলতে দলংখনৰ এটা বৃহৎ অংশ খহি পৰে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ভাগি পৰাৰ সময়ত দলংখনত মেৰামতিৰ কাম চলি আছিল। আজিৰ এই ঘটনাৰ বাবে উজনি অসমৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। ঘাইপথৰ দুয়োকাষে বহু যান-বাহন আবদ্ধ হৈ পৰিছে ।
ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে। লগতে মেৰামতিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।