১০৮নং বোকাজান বিধানসভা সমষ্টিত নিৰ্বাচনী পৰিৱেশ উত্তপ্ত কৰি তুলিছে তুলিৰাম ৰংহাঙে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে হেলিকপ্টাৰযোগে অঞ্চলটোত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়।
তেওঁ ভাৰতীয় জনতা পাৰ্টি (BJP)-ৰ প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ সমৰ্থনত প্ৰচাৰ চলায়। নিলিপ, বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টিত অনুষ্ঠিত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়।
বোকাজান ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত এখন বিশাল নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি তুলিৰাম ৰংহাঙে কয় যে বোকাজানত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সামূহিক উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়াটো অতি গুৰুত্বপূৰ্ণ।
তেওঁ দাবী কৰে যে কংগ্ৰেছৰ শাসনকালত ৰাইজে বিনামূলীয়া চাউল লাভ কৰা নাছিল। পুনৰ ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’লে ৰাইজে চাউল, দাইল, নিমখ, মিঠাতেলৰ লগতে আধা কেজি চাহপাতো লাভ কৰিব। লগতে আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহে চৰকাৰী বাসগৃহ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে।
কংগ্ৰেছৰ অপপ্ৰচাৰত বিভ্ৰান্ত নহ’বলৈ ৰাইজক আহ্বান জনায় তুলিৰাম ৰংহাঙে। তেওঁ আত্মবিশ্বাসেৰে কয় যে বোকাজানত বিজেপি প্ৰাৰ্থী সূৰ্য ৰংফাৰে বিৰোধী মিত্ৰজোটৰ প্ৰাৰ্থীক প্ৰায় ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিব।
এই মাৰাথন প্ৰচাৰে বোকাজান সমষ্টিত নিৰ্বাচনী উত্তেজনা আৰু বৃদ্ধি কৰাৰ লগতে বিজেপিৰ জয়ৰ সম্ভাৱনাক শক্তিশালী কৰিছে বুলি ধাৰণা কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৭ মাৰ্চ