নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙানদী-নাওবৈচাত বিশাল নিৰ্বাচনী সভা মুখ্যমন্ত্ৰীৰ

সম উন্নয়ন আৰু বিকাশৰ প্ৰতিশ্রুতি লৈ  আজি নৱ গঠিত ৰঙানদী আৰু নাওবৈচা সমষ্টিৰ উপস্থিত হল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। নৱ গঠিত ৰঙানদী সমষ্টিৰ  বিজেপি-অগপ আৰু সন্মিলিত গনশক্তি, অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আৰু অগপ বিজেপি গনশক্তি অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বসন্ত দাসৰ  হৈ বিশাল নিৰ্বাচনী সভাত  প্ৰচাৰ  চলাবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিক জয়ী কৰাবলৈ ৰাইজক আহান জনায়।

ৰঙানদী সমষ্টিৰ অন্তৰ্গত ফুলবাৰী পহুমৰা তিনিআলি আৰু নাওবৈচা সমষ্টিৰ অপিডি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত  বিশাল  নিৰ্বাচনী সভাত সমষ্টি দুটাত  এন ডি এৰ পৰা পক্ষেপিত প্রার্থী দুগৰাকী হৈ প্রচাৰ চলাই মুখ্যমন্ত্রীয়ে ভাষণ প্ৰসংগত  কংগ্রেছক কটাক্ষ কৰি কয়, ‘কংগ্ৰেছক ভোট দিলে পাব লুঙী আৰু টুপী, বিজেপিক ভোট দিলে পাব টকা আৰু চাকৰি। বৰ্তমান কংগ্ৰেছৰ ধূতি-লুঙীৰ দিন উকলিল এতিয়া বিজেপিৰ দিনত চাৰিওফালে উন্নয়ন আৰু সম বিকাশ।

বিজেপিয়ে কংগ্ৰেছৰ ধুতি লুঙী সূতা সলনি ১ লাখ ৬৫ হাজাৰ যুৱক যুৱতী চাকৰি দিছে। আইমাতৃ সকল অৰুনোদয়, উদামিতাৰ লগতে চাউল চেনী ডালি বিনামূলীয়াকৈ দিয়ে। কংগ্ৰেছ দলৰ ভৰত চন্দ্ৰ নৰহ বিধায়ক হোৱাৰ বাবে সমষ্টিটোত একো উন্নয়ন নহল।

সেই কাৰণে এইবাৰ ৰঙানদী আৰু নাওবৈচাৰ ৰাইজে এন ডি এৰ প্ৰাৰ্থী দুগৰাকীক বিপুল ভোটত জয়ী কৰাব। এইবাৰ ৰাইজ উন্নয়নৰ পক্ষত থাকিব বুলি কৈ সমষ্টি দুটাত এন ডি এৰ প্ৰাৰ্থী দুগৰাকী জয়ী হলে সকলো দায়িত্ব মামায়ে মূৰত লৈ সমষ্টি দুটাক ৰাজ্যৰ আন আন দহটা জাকতজিলিকা সমষ্টি হিচাপে গঢ় দিব।

লগতে নৱ গঠিত ৰঙানদী সমষ্টিক বানমুক্ত কৰা,জৰাজীৰ্ণ পথসমূহ পকীকৰণ কৰা,এটা উন্নত সা-সুবিধা বিশিষ্ঠ অডিটৰীয়াম নিৰ্মাণ কৰা,পথৰ দুয়োকাষে স্ত্ৰীট লাইটৰ ব্যৱস্থা কৰাকে ধৰি উন্নত মানদণ্ডৰ বিদ্যালয় নিৰ্মান কৰা কথা ঘোষণা কৰে।

আনহাতে নাওবৈচা সমষ্টিৰ গড়চিগাত এখন মহাবিদ্যালয় স্থাপন ,ৰঙা নদী সোঁপাৰৰ পকী মথাউৰি দৰে বাওঁপাৰৰ মথাউৰি পহুমৰাৰ পৰা নামেচুকলৈকে পকীকৰন কৰা সমষ্টিটোত এখন ভেটেনেৰী কলেজ স্থাপন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।সেয়েহে ৰাইজে উন্নয়নৰ স্বাৰ্থত এন ডি এৰ প্ৰাৰ্থী দুগৰাকীক  জয়যুক্ত কৰাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° শৰ্মাই।

সভাত ৰাজ্যত এইবাৰ পুনৰ বিজেপি ক্ষমতালৈ আহিলে উচ্ছেদ অভিযান আকৌ আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। তেওঁ কয়, ‘অসমৰ মাটি আমাৰ অধিকাৰ,আমাৰ মাটি আমাৰ স্বভিমান।এইবাৰ বিজেপি চৰকাৰ অহাৰ পিছতে বাংলাদেশী মিয়াক আমি ৰাজনৈতিকভাৱে অকল হাতভৰি ভাঙিয়েই বহি নাথাকো।এইবাৰ তেঁওলোকৰ মেৰুদণ্ড ভাঙি দিম।যাতে,অসমত অসমীয়া মানুহৰ আগত তেঁওলোকে কেতিয়াও ৰঙাচকু দেখুৱাব নোৱাৰে।

অসমত পঞ্চাশ লাখ বিঘা মাটি বেদখলকাৰীয়ে অবৈধভাবে দখল কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰবাৰ কয় -আমি ইতিমধ্যে ডেৰ লাখ বিঘা মাটি উদ্ধাৰ কৰিলো আৰু অহাটো কার্যকালত আমাৰ চৰকাৰ হোৱাৰ পিছত আমি অসমৰ পাঁচ লাখ বিঘা মাটিৰ পৰা বিদেশীক খেদিম আৰু বেদলখন মুক্ত কৰিম।

আমাৰ চৰকাৰ সদায় ৰাইজৰ লগত আছো আৰু ৰাইজ বিজেপিৰ লগত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে- এইবাৰ পুনৰ ক্ষমতালৈ আহিলে দুই লাখ যুৱক-যুৱতীক চাকৰি দিয়া হ’ব বুলি প্রতিশ্রুতি দি তেওঁ লগতে তেওঁ আৰু  কয়, ‘এইবাৰ ১০ লাখ ল’ৰা-ছোৱালীক দুই লাখ টকাকৈ দিম। এই টকা ঘুৰাই দিব নালাগে। এই টকা বেংকৰ পৰা নহয়, চৰকাৰে প্ৰত্যক্ষভাবে প্রদান কৰিব।

কোনো ল’ৰা-ছোৱালীৰ পঢ়াৰ খৰচ মাক-দেউতাকে বহন কৰিব নালাগে। সেই দায়িত্ব মামাৰ। যিসকলে চৰকাৰী আঁচনিৰ ঘৰ পোৱা নাই, সেইসকলকো ঘৰ দিয়া হ’ব। ৰেছন কাৰ্ডৰ জৰিয়তে এক লিটাৰকৈ মিঠাতেল বিনামূলীয়াকৈ দিয়া হ’ব। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধনো বৃদ্ধি কৰা হ’ব।”ৰাজ্যত বর্তমানে ৪০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে।

নতুনকৈ আৰু ১৫ লাখ মহিলাক অৰুণোদয় প্রদান কৰা হ’ব। যিসকল মহিলাই ইতিমধ্যে চৰকাৰৰ পৰা ন হেজাৰ আৰু ১০ হেজাৰ টকাৰ আৰ্থিক অনুদান লাভ কৰিছে, সেইসকলক পুনৰ ২৫ হেজাৰকৈ টকা দিয়াৰ প্রতিশ্রুতিও দিয়ে মুখ্যমন্ত্রীয়ে। সমষ্টিদুটাত  ইতিমধ্যে  ৫৭  হেজাৰ মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰা হৈছে আৰু নিৰ্বাচনৰ পিছত আৰু ২০ হাজাৰ মহিলাক অৰুনোদয় দিয়া হব বুলি  ভাষণ প্ৰসংগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

বিশেষ বাৰ্তা, নাওবৈচা, ২৭ মার্চ

You might also like