ছিপাঝাৰ সমষ্টিত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী পৰিবেশ। প্ৰচাৰৰ ক্ষেত্ৰত চকুত লগা ধৰণে চমক দিবলৈ সক্ষম হৈছে সমষ্টিটোৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশীয়ে। বিশেষকৈ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ ভাগে ভাগে দলটোৰ কৰ্মীসকল সোমাই পৰিছে।
ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিয়ে কেনেদৰে জাতি বৰ্ণ আৰু ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰে সম উন্নয়ন আৰু সমবিকাশ সাধন কৰিছে সেয়া ৰাইজৰ মাজত বুজাই দিছে আৰু স্বাভাৱিকতে সৰ্ব স্তৰৰ ৰাইজৰে সমৰ্থন লাভ কৰাটো পৰিলক্ষিত হৈছে।
সমৰ্থক সকলে পুৱাৰ পৰা নিশালৈকে অবিৰত প্ৰচাৰ চলোৱাৰ উপৰিও দলটোৰ প্ৰাৰ্থী গৰাকীও গাৱে গাৱে গৈ প্ৰচাৰ অভিযান চলাইছে। আনহাতে ছিপাঝাৰত এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ মাজতো ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্ট প্ৰভাৱ দেখা গৈছে।জাকে জাকে সংখ্যা লঘু ৰাইজে দলটৌত স্বেচ্ছাই যোগদান কৰিছে।
ছিপাঝাৰ মণ্ডল কাৰ্য্যালয়ত শতাধিক সংখ্যালঘু লোকে যোগদান কৰাৰ পিছত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে বৰকলিয়াঝাৰত অনুষ্ঠিত হোৱা এখন প্ৰচাৰ সভাত তুৰাই মণ্ডল কংগ্ৰেছৰ বহু সংখ্যক সংখ্যালঘু লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
সমষ্টিটোৰ প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশীৰ প্ৰতি পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি এই লোকসকলে যোগদান কৰাৰ লগতে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিপাঝাৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিও আকৃষ্ট হোৱা বুলি মূকলিকৈয়ে প্ৰকাশ কৰে কেইবাগৰাকীও নেতৃস্থানীয় লোকে।
বিশেষকৈ ছিপাঝাৰ -টংলা সংযোগী অসম মালা আঁচনিৰ পথটোৰ সুফল, ছিপাঝাৰ সমষ্টিক সংযোগ কৰি প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰৰ দলং, ৰিং ৰোড আদি আচনিয়ে সমষ্টিটোক উন্নয়নৰ ক্ষেত্ৰত অভূতপূৰ্ব ভাবে আগবঢ়ায় নিব বুলি উল্লেখ কৰে।
ইফালে ছিপাঝাৰ নিৰ্বাচনী প্ৰবন্ধন সমিতিৰ কেইবাগৰাকীও বিষয় ববীয়া উপস্থিত থকা যোগদান পৰ্বত দলটৌৰ প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশীয়ে নতুনকৈ দলটোত সংযোগ হোৱা সকলক উষ্ম আদৰণি জনায় আৰু সকলোকে নিৰ্বাচনত সহযোগ কৰিবলৈও আহ্বান জনায়।
মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাগ দৰ্শনেৰে ছিপাঝাৰ সমষ্টিক ৰাজ্যৰ ভিতৰতে উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাও সদৰী কৰি এইবাৰ ৰাজ্যত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলিও দাবী কৰে।
নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ২৮ মাৰ্চ