কুমাৰ ভাস্কৰ বর্মা সংস্কৃত-পুৰাতন অধ্যয়ন বিশ্ববিঃত আন্তৰ্জাতিক আলোচনা-চক্ৰৰ সামৰণি
নলবাৰীস্থিত কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালত শিক্ষা বিভাগৰ উদ্যোগত আৰু ভাৰতীয় সমাজ বিজ্ঞান গবেষণা পৰিষদৰ পৃষ্ঠপোষকতাত তথা বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ (IQAC) আৰু অসম দক্ষতা বিকাশ অভিযানৰ সহযোগত যোৱা ২৬ আৰু ২৭ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত আন্তৰ্জাতিক আলোচনাচক্রৰ কালি সফল সামৰণি পৰে।
আলোচনাচক্ৰখনৰ প্রথম দিনটোত দেশষ বিভিন্ন প্রান্তৰ সমলব্যক্তি হিচাপে কাঠমাণ্ডুৰ স্কুল অৱ এডুকেশনৰ অধ্যাপক ধনপতি সুবেদী, জার্মানীৰ বচম ইউনির্ভাচিটি অৱ এপ্লাইড ছায়েন্সৰ অধ্যাপক ক্রিষ্টিয়ান কাজনাৰ, জামানীৰ প্রাকৃতিক আৰু শক্তি ঔষধ বিশেষজ্ঞ উৰাইক কাজনাৰ, ৰাষ্ট্রসংঘৰ উদ্যোগিক উন্নয়ন সংস্থা, বহণক্ষম শক্তিবিভাগ, নতুন-দিল্লীৰ শ্রী দেৱজিত দাস, তিৰুপতিৰ ৰাষ্ট্রীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ স্কুল অৱ এডুকেশন আৰু ইনচার্ভিচ টিচাৰৰ সঞ্চালক ডীন অধ্যাপক পি. ভেংকটা ৰাওৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্রান্তৰ বিশিষ্ট সমলব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়।
ঠিক একেদৰে আলোচনাচক্রখনৰ দ্বিতীয় দিনাখনৰ পূর্ণাংগ অধিৱেশনত মেঘালয়ৰ বিজ্ঞান আৰু প্রযুক্তিবিশ্ববিদ্যালয়ৰ ডীন, তথা স্কুল অৱ এডুকেশনৰ অধ্যাপক গায়ত্রী গোস্বামীয়ে অধ্যক্ষ হিচাপে উপস্থিত থাকি একবিংশ শতিকাত দক্ষতা বিকাশৰ গুৰুত্ব তথা এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত ল’ব পৰা ব্যৱস্থাসমূহৰ ওপৰত এক বিশেষ বাৰ্তা প্ৰদানৰ লগতে কাৰিকৰী আৰু ডিজিটেল দক্ষতাৰ বিকাশ, উদ্যোগীক দক্ষতা, তথা সামাজিক আৰু আৱেগিক দক্ষতা বিকাশৰ লগতে আন বিভিন্ন পৰামর্শ প্রদান কৰা দেখা যায়।
উক্ত অনুষ্ঠানটিত অধ্যাপক ধনপতি সুবেদীয়ে শ্ৰেণীকোঠাত গুণগতমান আৰু নিৰ্দেশনামূলক নেতৃত্বৰ দৃষ্টিভংগী, পি ভেংকটা ৰাওয়ে দক্ষতা বিকাশৰ জৰিয়তে সমস্যা সমাধান তথা ইয়াৰ ব্যৱহাৰিক উপযুক্ততা, তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাবিভাগৰ অধ্যাপক নিল ৰতন ৰয়ে সামগ্ৰিক আৰু দক্ষতামুখী শিক্ষা আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধ্যাপক মনোজ কুমাৰ ডেকাদেৱে দক্ষতা পাঠ্যক্ৰমৰ ডিজাইন বিকাশ আৰু ৰূপায়ণৰ ওপৰত বাৰ্তা প্ৰদান কৰা দেখা যায়।
দুদিনীয়াকৈ অনুষ্ঠিত এই আলোচনাচক্ৰত সর্বমুঠ ১৩ টা বৌদ্ধিক আলোচনাচক্রত বিশিষ্ট সমলব্যক্তিৰ উপস্থিতিত ২৫০ জনৰো অধিক গৱেষকে অনলাইন আৰু অফলাইন যোগে গৱেষণাপত্র পাঠ কৰে। আবেলি প্রায় ০৩:৪৫ বজাত অনুষ্ঠিত আলোচনাচক্রখনৰ সামৰণি উৎসৱত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক প্রহ্লাদ-আৰ যোশীদেৱে তেওঁৰ বিশেষ বার্তা প্রদান কৰাৰ লগতে অনুষ্ঠানটিত অংশগ্রহণকাৰীসকলক প্রমাণপত্র বিতৰণ কৰা হয়। ড° আনসুমী বসুমতাৰীয়ে আগধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই ড° চয়নিকা ডেকাই।
নিয়মীয়া বাৰ্তা, নলবাৰী, ২৮ মাৰ্চ