নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈৰে এজেপিৰ সভাপতিৰ জীৱন-মৰণৰ যুঁজ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাবে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং বিধানসভা সমষ্টিটো কেৱল এক নিৰ্বাচনেই নহয়, এয়া সম্ভৱতঃ তেওঁৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ নিৰ্ণায়ক যুঁজ হব।

অসমৰ ঐতিহাসিক নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ অগ্ৰণী হিচাপে গগৈয়ে ৰাজপথত হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰিছিল যদিও এতিয়ালৈকে নিৰ্বাচনী বিজয়ৰ সোৱাদ পোৱা নাই। অহা ৯ এপ্ৰিলত তেওঁ সেই ইতিহাস সলনি কৰাৰ বাবে পুনৰ এক সুযোগ লাভ কৰিছে।

৪৮ বছৰীয়া গগৈয়ে বিজেপিৰ চক্ৰধৰ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চক্ৰধৰ গগৈ বিলুপ্ত হোৱা মৰাণ বিধানসভা সমষ্টিৰ দুইবাৰৰ বিধায়ক আছিল। খোৱাং সমষ্টিৰ এই যুঁজখন এতিয়া নিৰ্বাচনৰ অন্যতম চৰ্চিত বিষয় হৈ পৰিছে।

নিৰ্বাচনী যুঁজত থকা আন প্ৰাৰ্থীসকল হ’ল জেএমএমৰ ড° প্ৰভাকৰ দাস আৰু নিৰ্দলীয় প্ৰাৰ্থী বিজু দুৱৰা। উল্লেখ্য যে কংগ্ৰেছে মিত্ৰদল এজেপিক এই আসনখন এৰি দিয়াৰ পিছত পূৰ্বৰ কংগ্ৰেছ নেতা বিজু দুৱৰাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক ‘কা’ বিৰোধী আন্দোলনে অসমৰ প্ৰতিটো ঘৰতে পৰিচিত কৰি তুলিছিল, কিন্তু নিৰ্বাচনী যুঁজত তেওঁ এতিয়ালৈকে সফল হ’ব পৰা নাই। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ দুলীয়াজান আৰু নাহৰকটীয়া দুয়োখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও দুয়োটাতে তৃতীয় স্থান লাভ কৰিছিল।

দুলীয়াজানত তেওঁ ২৪,১৯২ টা আৰু নাহৰকটীয়াত ২৫,২৩২ টা ভোট লাভ কৰিছিল। উল্লেখ্য যে খোৱাং সমষ্টিটো মূলত: আহোম সম্প্ৰদায় আৰু চাহ বাগানৰ ভোটাৰৰ দ্বাৰা প্ৰধান। গগৈ নিজে আহোম সম্প্ৰদায়ৰ আৰু এই সমষ্টিটোত প্ৰায় ৪৯,০০০ আহোম ভোটাৰ আছে (প্ৰায় ৩১%)।

আনহাতে, ১,৫৭,৩৬৩গৰাকী মুঠ ভোটাৰৰ ভিতৰত চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা প্ৰায় ৪৬,০০০ (২৯.৫%)। মন কৰিবলগীয়া যে এইবাৰ খোৱাং সমষ্টিৰ পৰা চাহ সম্প্ৰদায়ৰ কোনো প্ৰাৰ্থী নাই, যাৰ ফলত এই বৃহৎ ভোট বেংকটো নিৰ্ণায়ক হৈ পৰিব পাৰে।

আনহাতে বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈও এজন শক্তিশালী প্ৰতিদ্বন্দ্বী। তেওঁ এজন অভিজ্ঞ বিধায়ক যিয়ে ২০১৬ চনত মৰাণ সমষ্টিত কংগ্ৰেছৰ হেভিৱেইট পৱন সিং ঘাটোৱাৰক ১৬,২৩১ টা ভোটত পৰাস্ত কৰি চমক সৃষ্টি কৰিছিল।

২০২১ চনতো তেওঁ ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰক ২২,৩৪১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি আসনখন নিজৰ হাতত ৰাখিছিল। যিহেতু পূৰ্বৰ মৰাণ সমষ্টিৰ এক বুজন অংশ এতিয়া নতুন খোৱাং সমষ্টিৰ অন্তৰ্ভুক্ত, সেয়েহে চক্ৰধৰ গগৈৰ বাবে ই এক চিনাকি ভূমি।

অৱশ্যে, মৰাণৰ বিধায়ক হিচাপে চক্ৰধৰ গগৈৰ কাৰ্যকাল সম্পূৰ্ণ ত্ৰুটিমুক্ত নাছিল। সমষ্টিটোৰ কেইবাটাও পথ আজিও আধৰুৱা হৈ আছে আৰু জৰাজীৰ্ণ দলং আদি আন্তঃগাঁথনিমূলক সমস্যাৰ বাবে তেওঁ স্থানীয় ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছে।

লুৰীণজ্যোতি গগৈ আৰু এজেপিয়ে চক্ৰধৰ গগৈৰ এই দুৰ্বল দিশসমূহকে মূল নিৰ্বাচনী ইছ্যু হিচাপে গ্ৰহণ কৰিছে।মন কৰিবলগীয়া যে টিকট ঘোষণাৰ পূৰ্বে বিজেপিৰ ভিতৰতে খোৱাং সমষ্টিৰ বাবে অতি কমেও ৭ গৰাকী প্ৰাৰ্থীয়ে দাবী উত্থাপন কৰিছিল, যাৰ ফলত দলটোৰ ভিতৰচ’ৰাত চলা প্ৰতিযোগিতাৰ ওপৰত এজেপিয়ে তীক্ষ্ণ নজৰ ৰাখিছে।

কংগ্ৰেছ-এজেপিৰ নিৰ্বাচনী মিত্ৰজোঁটে এইবাৰ লুৰীণজ্যোতি গগৈৰ পক্ষত কাম কৰিব পাৰে, কিয়নো ইয়াৰ ফলত বিৰোধী ভোট বিভাজন হোৱাৰ সম্ভাৱনা নাই। আহোম ভোট দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত ভাগ হোৱা আৰু চাহ জনগোষ্ঠীৰ ভোট কাৰ পক্ষত যাব, তাৰ ওপৰতে নিৰ্ভৰ কৰিছে নিৰ্বাচনৰ অংক।

আনহাতে অসমৰ ৰাইজে লুৰীণজ্যোতি গগৈৰ কণ্ঠ ভালদৰে চিনি পায়। কিন্তু ৯ এপ্ৰিলত খোৱাঙৰ বেলট বক্সে সেই কণ্ঠক স্বীকৃতি দিব নে নাই, সেয়াই হ’ব এই নিৰ্বাচনৰ আটাইতকৈ প্রতীক্ষিত উত্তৰ।

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ২৮ মাৰ্চ

You might also like