টিংখাঙত বিমল বৰাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ
টিংখাঙত মন্ত্ৰী বিমল বড়াৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। দৈনিক পুৱাৰ পৰা নিশা পৰ্যন্ত ৯/১০ খন জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। প্ৰতিখন সভাতেই দেখিবলৈ পোৱা গৈছে ৰাইজৰ পাৰভগা উৎসাহ। ভাৰতীয় জনতা পাৰ্টীৰ পৰা তৃতীয় বাৰলৈ প্ৰাৰ্থীত্ব লাভ কৰা বড়াই প্ৰতিখন সভাতেই কংগ্ৰেছৰ লগতে বিৰোধী পক্ষক তীব্ৰ সমালোচনা কৰা কৰি তুলাধুনা দিয়ে।
তেওঁ কংগ্ৰেছ চৰকাৰ দিনত আৱণ্টন হোৱা চৰকাৰী আৱাস গৃহৰ নামত হিতাধিকাৰীয়ে কেৱল খুটা চাৰিটাহে লাভ কৰিছিল। কাৰণ দিল্লীৰ পৰা ডিচপুৰলৈ আঁচনি খন আহি পাওঁতে দিশপুৰত টিনখিনি খাই দিয়ে, দিশপুৰৰ পৰা ডিব্ৰুগড় আহি পাওঁতে ডিব্ৰুগড়ত ৱালখিনি খাই দিয়ে, ডিব্ৰুগড়ৰ পৰা টিংখাং আহি পাওঁতে টিংখাং ব্লকত দৰজা খিৰিকী খিনি খাই দিয়ে , ব্লকৰ পৰা পঞ্চায়ত কাৰ্যালয় আহি পাওঁতে পঞ্চায়তত ফ্লৰখন খাই দিয়াত শেষত হিতাধিকাৰীৰ বাবে কেৱল খুটা চাৰিটা হে লাভ কৰিবলৈ সক্ষম হয়।
তদুপৰি কংগ্ৰেছৰ দিনত এটা চাকৰিৰ বাবে লাখ লাখ টকা দিব লগা হৈছিল। ধন নিদিলে, আত্মীয় নহলে চৰকাৰী আঁচনি লাভ কৰিবলৈও সক্ষম নহৈছিল বুলি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। ইফালে বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত চুমা খোৱা প্ৰসংগয়ো স্থান লাভ কৰা দেখিবলৈ পোৱা যায়।
তেওঁ অতি ৰসাল ভাৱে নাম উল্লেখ নকৰাকৈ অখিল গগৈক তীব্ৰ কতাক্ষ্য কৰি নামনি অসমৰ মহিলাক চুমা খোৱাতকৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমীতা আঁচনিৰ জৰিয়তে স্থাৱলম্বী হৈ বিহুৰ সময়ত আৰ্থিক ভাৱে স্বামীক সহায় কৰিবলৈ সক্ষম হোৱা পত্নীক চুমা খোৱাটো ভাল বুলি উল্লেখ কৰে।
আনহাতে অসমৰ লগতে টিংখাং সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিখন সভাতেই হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰাত যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজক জনোৱা শ্ৰদ্ধাৰে প্ৰতিদান ৰাইজে দিয়া বুলি কয়।
কালি পুৱাৰ পৰা প্ৰথমে ৰাজগড়ৰ মনুজ গোৱালা খেলপথাৰ নং , টিংখাঙৰ উদয়পুৰ ৰাজহুৱা প্ৰেক্ষাগৃহ, কেন্দুগুৰীৰ নাহৰপাৰাৰ চৰণীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ, ঔফুলয়া, মিৰিহোলা বাগান ফিল্ড আদিত বিশাল ৰাজহুৱা সভাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত আজি পুৱাৰ পৰা পুনৰ শলগুৰী যুৱ সংঘৰ খেলপথাৰ, ১নং শালমাৰী আদৰ্শ ভৱন,আঘোনিবাৰী ৰাজহুৱা প্ৰেক্ষাগৃহ, নতুন ৰূপ শলগুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ, ১ নং নাচনী ৰাজহুৱা প্ৰেক্ষাগৃহত , হালধিবাৰী কনোৱাৰ গাঁও ৰাজহুৱা প্ৰেক্ষাগৃহ আদিত নিৰ্বাচনী প্ৰচাৰ চলাই । প্ৰতিখন সভাতে সমাজৰ সকলো স্তৰৰ ৰাইজৰ অভূতপূর্ব সমাগম পৰিলক্ষিত হয়।
নিয়মীয়া বাৰ্তা, টিংখাং, ২৮ মাৰ্চ