মার্কিন ডলাৰৰ নোটত এইবাৰ ট্রাম্পৰ স্বাক্ষৰ
এইবাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ থাকিব আমেৰিকান ডলাৰৰ নোটত৷ যোৱা ১৬৫ বছৰ ধৰি মার্কিন ডলাৰত কেৱল বিত্ত দপ্তৰৰ বিষয়াৰ (ট্রেজাৰাৰ) স্বাক্ষৰ থাকে৷
এইবাৰ এই স্বাক্ষৰৰ সৈতে যুক্ত হৈছে ট্রাম্পৰো স্বাক্ষৰ৷ আমেৰিকাৰ বিত্ত বিভাগৰ পৰা জনোৱা হৈছে যে দেশৰ ২৫০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই উদ্যোগ লোৱা হৈছে৷ অহা জুন মাহত ট্রাম্পৰ স্বাক্ষৰ সম্বলিত ১০০ ডলাৰৰ নোট ছপা কৰা হ’ব৷
তাৰ পিছত পর্যায়ক্রমে অন্যান্য নোটতো যুক্ত কৰা হ’ব মার্কিন ৰাষ্ট্রপতিৰ স্বাক্ষৰ৷ প্রাথমিকভাৱে জানিব পৰা মতে ট্রাম্পৰ স্বাক্ষৰৰ সৈতে নোটত বিত্ত বিভাগৰ সচিব স্কট বেছেণ্টৰো স্বাক্ষৰ থাকিব৷
বেছেণ্টে জনোৱা মতে আমেৰিকাৰ অর্থনৈতিক উন্নতিৰ স্মাৰক হিচাপে ট্রাম্পৰ স্বাক্ষৰ সম্বলিত নোট ছপা কৰাৰ দিহা কৰা হৈছে৷ এই প্রসংগত তেওঁ কয় ‘আমাৰ দেশ আৰু ৰাষ্ট্রপতি ট্রাম্পে যি ঐতিহাসিক সাফল্য লাভ কৰিছে তাৰ স্বীকৃতি স্বৰূপে এই সিদ্ধান্ত লোৱা হৈছে৷
ডিজিটেল ডেস্ক, ২৮ মার্চ