নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহ্যমণ্ডিত লংকেশ্বৰ ধামলৈ বনজুইৰ তীব্ৰ ভাবুকি

লংকেশ্বৰ পাহাৰত বেদখলকাৰীৰ অগ্নিসংযোগৰ সন্দেহ

নিয়মীয়া বাৰ্তা ৭ এপ্ৰিলঃ মহানগৰীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তথা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা লংকেশ্বৰ পাহাৰত বিগত দিনকেইটাত বনজুইয়ে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। দুই-তিনি দিন পূৰ্বেও পাহাৰখনত জুইৰ সূত্ৰপাত হোৱাৰ পিছত কালি নিশা পুনৰ বনজুইয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য মতে কালি নিশা প্ৰায় ১০.৪৫ বজাত পাহাৰখনৰ নামনিৰ পুৰণি ছাৰ্ভে স্কুলৰ দিশৰ পৰা জুইৰ সূত্ৰপাত হয়। নিশাই দপদপাই জ্বলি উঠা জুই দেখি দাঁতিকাষৰীয়া নাগৰিকসকলৰ মাজত হাহাকাৰ লাগে। পিছত পাণ্ডু অগ্নিনিৰ্বাপক সংগঠনৰ বাহন আৰু লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকলৰ প্ৰচেষ্টাত জুই
নিৰ্বাপণ হয়। উল্লেখ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা তথা জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ অধীনৰ লংকেশ্বৰ পাহাৰৰ ভূমি দখল কৰিবলৈ এটা চক্ৰই অহৰহ চেষ্টা চলাই আছে। ইতিমধ্যে পাহাৰখনৰ নামনিৰ তথা পুৰণি ছাৰ্ভে স্কুলৰ দিশে এই চক্ৰটোৱে কিছু মাটি দখল কৰি তৰ্জাৰ চালিঘৰ সাজিবলৈ সক্ষম হৈছে। পাহাৰখনৰ হাবি-জংঘল পৰিস্কাৰ কৰি মাটি দখলৰ উদ্দেশ্যেই বেদখলকাৰী চক্ৰটোৱে এইদৰে নিশাৰ ভাগতল পাহাৰখনত জুই লগাই দিয়াৰ সন্দেহ কৰিছে দাঁতিকাষৰীয়া সচেতন লোকসকলে। উল্লেখ্য যে পাহাৰখনৰ শিখত আছে ঐতিহ্যমণ্ডিত লংকেশ্বৰ ধাম। লগতে আছে অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ এটা নিয়ন্ত্ৰণ কক্ষ। তদুপৰি
পাহাৰখনৰ মাধ্যম অংশত আছে হনুমান মন্দিৰ, শনি মন্দিৰ থকাৰ লগতে নামনিত আছে এটা গণেশ মন্দিৰ। একেদৰে পাহাৰখনৰ নামনিত ৰেডক্ৰছ ছচাইটীৰ এটি শিশুগূহৰ লগকে ঈৰাদা নামেৰে এখন মূকবধিৰ বিদ্যালয়ো আছে। কাজেই এইদৰে দুষ্ট চক্ৰই নিশাৰ ভাগত পাহাৰখনত অগ্নিসংযোগ কৰি থকাৰ ফলত ঐতিহ্যমণ্ডিত লংকেশ্বৰ ধামকে ধৰি অন্যান্য মন্দিৰ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানসমূহপ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। যাৰ বাবে এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসন, বন বিভাগক দাবী জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে।

You might also like