নিয়মীয়া বাৰ্তা, মাজুলী, ৩০ মাৰ্চ : অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ১২৬টা সমষ্টিতে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত উঠিছে । ভোটাৰৰ মন জয় কৰিবলৈ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে দিনে-নিশাই চলাইছে নিৰ্বাচনী কুচকাৱাজ। ইয়াৰ মাজতে প্ৰতিকূল বতৰকো নেওচি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
আজিৰ দিনটোৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে পুৱাই হেলিকপ্টাৰযোগে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মাজুলীৰ কাছাৰী ময়দানৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি পোনে পোনে মাজুলীৰ গড়মূৰস্থিত মাজুলী মিনি ষ্টেডিয়ামত উপস্থিত হৈ মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুবন গামৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।
মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাখনত হাজাৰ হাজাৰ লোকৰ সন্মুখত ভাষণ প্ৰদান কৰি কয়- ২০১৬ চনৰ আগত মাজুলী কি আছিলে আৰু আজিৰ মাজুলীৰ পৰিৱৰ্তিত পৰিৱেশ তাক ময়ো কেতিয়াবা উপলব্ধি নকৰা নহয়। ২০১৬ চনত মাজুলীৰ পৰা সৰ্বানন্দ সোণোৱাল নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী হৈছিল। তেতিয়াৰ পৰাই মাজুলীৰ জীৱনলৈ পৰিৱৰ্তনৰ এক নতুন দিগন্ত আহি দেখা দিছিলে। স্বাধীনতাৰ পিছৰে পৰা মাজুলীক প্ৰৱঞ্চনা কৰা হৈছিল আৰু মাজুলীলৈ উন্নয়ন আহিবলৈ দিয়া হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টীয়ে মাজুলীক অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনৰ প্ৰাণকেন্দ্ৰ বুলি অনুভৱ কৰে আৰু সেয়েহে সৰ্বানন্দ সোণোৱালৰ সময়তেই হওক বা মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতেই হওক মাজুলীত উন্নয়ন-বিকাশৰ নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টা চলাই আহিছিলোঁ বুলি উল্লেখ কৰে।
মাজুলীৰ সামগ্ৰিক উন্নয়নৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয়- কংগ্ৰেছ চৰকাৰে মাজুলীক সমস্যা বুলিহে জ্ঞান কৰিছিল বা অসম চৰকাৰৰ এক মূৰৰ কামোৰণি বুলি গণ্য কৰিছিল। কিন্তু আজি মাজুলীক বিজেপিয়ে সম্ভাৱনা আৰু আদৰ্শ স্থান হিচাপে গণ্য কৰে বুলি উল্লেখ কৰে। আগতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী মাজুলীত আহিবলৈ বেয়া পাইছিল, কিন্তু যোৱা পাঁচটা বছৰত পোন্ধৰবাৰ মাজুলী ভ্ৰমণ কৰিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী মাজুলীলৈ অহা নাছিল, কিন্তু য’ত বাংলাদেশী মিঞা থাকে তাত মাজুলীত কৈ বেছিকৈ গৈছিল বুলি তেওঁ কংগ্ৰেছক কটাক্ষ কৰে।
ইফালে, কংগ্ৰেছৰ নতুন বৰ অসমৰ শ্লোগান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে মহাপুৰুষ শংকৰদেৱ, চাওলুং চুকাফাই গঢ়ি যোৱা বৰ অসমখনহে আমাক লাগে, বাংলাদেশী মিঞাৰ লগত কংগ্ৰেছে নিৰ্মাণ কৰিব খোজা নতুন বৰ অসমখন আমাক নালাগে বুলি তেওঁ উল্লেখ কৰে।
ইফালে, আগন্তুক দিনত অসমত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী হ’লে মাজুলীক লৈ কেতবোৰ পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অতিৰিক্ত ২৫০ কোটি টকাৰ বিশেষ পেকেজ প্ৰদান, দীৰ্ঘদিনীয়া দাবী পূৰণৰ লক্ষ্যৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ক শীঘ্ৰেই পূৰ্ণাংগ বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান, স্বাস্থ্যখণ্ডত গুৰুত্ব আৰোপ কৰি অহা পাঁচ বছৰৰ ভিতৰত মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় (মেডিকেল কলেজ) স্থাপন, মাজুলীত একেলগে দুহাজাৰ মানুহ বহিব পৰাকৈ অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণকে আদি কৰি মুখ্যমন্ত্ৰীয়ে একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ শেষত ভুবন গামক বিপুল ভোটত জয়ী কৰাবলৈ মাজুলীৰ প্ৰতিগৰাকী ভোটাৰক আহ্বান জনায়।