নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত আইপিএলৰ সম্প্রচাৰ নিষিদ্ধ, মন্ত্রীৰ সেউজ সংকেতৰ পিছতো ওলোটা খৰ চুবুৰীয়া দেশৰ

ডিজিটেল ডেস্ক, ৩০ মার্চ : আইপিএলক লৈ ওলোটা খৰ মাৰিছে চুবুৰীয়া দেশ বাংলাদেশে৷ দেশখনৰ তথ্যমন্ত্রী জহিৰুদ্দিনে আইপিএলৰ সকলো মেচ সম্প্রচাৰ কৰাত কোনো বাধা আৰোপ কৰা হোৱা নাই বুলি ঘোষণা কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই তথ্য সম্প্রচাৰ মন্ত্রালয়ে পূর্বৰ এক নির্দেশনাকে বাহাল ৰাখিব বুলি সদৰী কৰাটোৱ তাৎপর্য বহন কৰিছে৷ অর্থাৎ এইবাৰ বাংলাদেশত চাবলৈ নাপাব আইপিএলৰ মেচ৷

কলকাতা নাইট ৰাইডার্ছৰ পৰা মুস্তাফিজুৰ ৰহমানক অপসাৰণ কৰাৰ পিছত মহম্মদ ইউনুছৰ অন্তর্ৱর্তীকালীন চৰকাৰে আইপিএলৰ সম্প্রচাৰ, আইপিএল সম্পর্কীয় বিজ্ঞাপন আৰু আইপিএল সম্পর্কীয় সকলো প্রচাৰ নিষিদ্ধ ঘোষণা কৰিছিল৷ ইয়াৰ পিছত নৱগঠিত চৰকাৰৰ তথ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত আইপিএলৰ ক্ষেত্রত কোনো বাধা নাই বুলি সদৰী কৰিছে৷ কিন্তু বাংলাদেশৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে মন্ত্রীগৰাকীৰ মন্তব্যক ভুল ব্যাখ্যা বুলি উল্লেখ কৰি এক বিবৃতিযোগে আইপিএলৰ নিষেধাজ্ঞা প্রত্যাহাৰৰ কোনো সিদ্ধান্ত লোৱা নাই বুলিহে কয়৷

মন্ত্রালয়ৰ বিবৃতিত আইপিএলৰ ক্ষেত্রত পূর্বৰ চৰকাৰৰ সিদ্ধান্তই বাহাল থকা বুলি উল্লেখ কৰে৷ অৱশ্যে কেন্দ্রীয় তথ্য সম্প্রচাৰ মন্ত্রালয়ে ক্রীড়া মন্ত্রালয়লৈ পত্র প্রেৰণ কৰি এই সন্দর্ভত পৰামর্শ বিচাৰিছে৷ ইয়াৰ উত্তৰৰ ভিত্তিত পৰৱর্তী পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও বিবৃতিত প্রকাশ৷ উল্লেখ্য যে যোৱা ফেব্রুৱাৰী মাহত অনুষ্ঠিত নির্বাচনৰ পিছত বিএনপি দলে তাৰিক ৰহমানৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পিছত ভাৰতৰ সৈতে বাংলাদেশে সু–সম্পর্ক বজাই ৰখাৰ বাবে চেষ্টা চলাই আহিছে৷ এনে সময়তে আইপিএলৰ ক্ষেত্রত চুবুৰীয়া দেশখনৰ ওলোটা সিদ্ধান্তই দুয়ো দেশৰ সম্পর্কত কেনে প্রভাৱ পেলায় সেয়া লক্ষণীয় হ’ব৷

You might also like