নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত ছাত্ৰ-ছাত্ৰীয়ে মঞ্চস্থ কৰিলে অংকীয়া নাট ‘পাৰিজাত হৰণ’

বিশেষ বাৰ্তা, মাজুলী, ৩০ মাৰ্চ : মাজুলীবাসী তথা সমগ্ৰ অসমবাসীৰ বাবে এক অতি গৌৰৱৰ আৰু আনন্দৰ খবৰ । যি খবৰে আপোনাকো আনন্দিত কৰিব ।  ২৯ মাৰ্চত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মঞ্চত প্ৰদৰ্শিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ‘পাৰিজাত হৰণ’ নাটক।

যোৱা ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ জে এন ইউত এক সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিল । এই কৰ্মশালাত জে এন ইউৰ ৫০গৰাকীৰো অধিক দেশী-বিদেশী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক এই নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ভবেন বৰবায়ন, জগন্নাথ বৰুৱা বৰবায়ন আৰু দীপক বৰুৱাই । ২৯ মাৰ্চত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ মঞ্চত প্ৰদৰ্শিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ‘পাৰিজাত হৰণ’ নাটকত অভিনয় কৰে অসমৰ লগতে উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু বিহাৰৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলে।

দিল্লীৰ বুকুত মঞ্চস্থ হোৱা এই বিশেষ নাটভাগৰ পৰিচালনাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে সুমন্যা কাশ্যপ আৰু ড৹ সুকন্যা বৰুৱাই । আনহাতে, নাটকখনৰ সংগীত পৰিচালনাৰে জীপাল কৰি তোলে দীপক বৰুৱাই।

ৰাষ্ট্ৰীয় পৰ্যায়ত ভিন ভিন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ এই জয়যাত্ৰা সঁচাকৈয়ে অতুলনীয় ।

You might also like