চিকিৎসাধীন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন
নিয়মীয়া বাৰ্তা,৭ এপ্ৰিলঃ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছন ভৰ্তি হাস্পতালত। ২৭ মাৰ্চত ক’ৰোনা ভাইৰাছৰ দ্বাৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী আক্ৰান্ত হোৱা বুলি চিকিৎসকে নিশ্চিত কৰাৰ পাছতে সাত দিনক বাবে ডাউনিং ষ্ট্ৰীটস্থিত নিজ বাসভৱনত অকলশৰে থাকিবলৈ লৈছিল নেতাগৰাকী। কিন্তু পুনৰ ক’ৰোনা পৰীক্ষাৰ বাবে জনছনক হাস্পতালত ভৰ্তি কৰোৱা হয়। ৫৫ বছৰীয়া জনছনক ঘৰতে ভাইৰাছবিধৰ প্ৰতিৰোধী চিকিৎসা প্ৰদান কৰা হৈছিল।