নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ মার্চ, চ’ত মাহৰ ১৬ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : মধ্যম

মেষ : আজি সম্পত্তিৰ ক্ষেত্রত বাধা৷ ব্যৱসায়ত উন্নতি৷ মনৰ আশা পূৰণ হ’ব৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭।

বৃষ : আজি বিদ্যাত যত্ন ল’ব৷ কর্মক্ষেত্রত স্থান পৰিৱর্তনৰ যোগ৷ ব্যৱসায়ত সফলতা লাভ৷ প্রেমত সাৱধান৷ শুভ ৰং কলা, শুভ সংখ্যা ২।

মিথুন : আজি দিনৰ ১২ বজালৈ সাৱধান হ’ব৷ ব্যৱসায়ত শুভ৷ বিদ্যাত ভবা মতে ফল নাপাব৷ প্রেমত সন্দেহ৷ শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কর্কট : আজি প্রাপ্য ধন হাতলৈ আহিব৷ বন্ধুবর্গৰ সহায় লাভ৷ বিদ্যাত মধ্যম৷ দাম্পত্যত শুভ৷ ঘৰুৱা উন্নতি৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

সিংহ : আজি ব্যৱসায়ত মধ্যম৷ ঘৰুৱা দিশত বাধা হ্রাস হ’ব৷ চলা–ফুৰাত সতর্ক থাকিব৷ প্রেমত গতানুগতিক৷ শুভ ৰং কমলা, শুভ ৰং ৫।

কন্যা : আজি কোনো যোগাযোগত শুভ৷ শৰীৰত দুর্বলতা থাকিব৷ বন্ধুৰ পৰা সহায় লাভ৷ প্রেমত উৎসাহ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

তুলা : আজি ঘৰত আলহীৰ আগমন হ’ব পাৰে৷ শিল্পীৰ উৎসাহ৷ বিদ্যাত অধিক মনোযোগৰ দৰকাৰ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২।

বৃশ্চিক : আজি সামাজিক, ৰাজনীতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ দাম্পত্যত অশান্তি ৷ ব্যৱসায়ত খৰচ বাঢ়িব৷ বিদ্যাত শুভ৷ প্রেমত বাধা৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫৷

ধনু : আজি মাংগলিক কার্য আদিত যোগদান কৰাৰ সম্ভাৱনা৷ বিদ্যাত মনোযোগ বঢ়াওক৷ শৰীৰ মধ্যম ফল৷ যান–বাহনৰ পৰা সাৱধান৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯৷

মকৰ : আজি কর্মক্ষেত্রত বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ সৰু–সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্রভাৱ পেলাব পাৰে৷ বিদ্যাত বাধা৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷

কুম্ভ : আজি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ শৰীৰৰ প্রতি যত্ন লোৱা উচিত৷ পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব৷ প্রেমত মধ্যম ফল৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪।

মীন : আজি বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ সু–সংবাদ লাভ কৰিব৷ ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যোগ৷ দাম্পত্যত বেয়া নহ’ব৷ প্রেমত আনন্দ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৮৷

You might also like